দক্ষিণ কৰিমগঞ্জ, 12 নৱেম্বৰ : প্ৰায় বিশ দিন ধৰি বন্ধ অৱস্থাত আছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে সমস্যাত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল ৷ শিক্ষাৰ বাবে প্ৰতিবাদত নামিবলগীয়া হ'ল কণ কণ ছাত্ৰ ছাত্ৰী ৷ দুজন শিক্ষকৰে চলি থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক এন আৰ চিৰ দায়িত্বত থকা অৱস্থাতে সহকাৰী শিক্ষকো বৰ্তমান ছুটিত থকা বাবে দীৰ্ঘ দিন ধৰি বন্ধ অৱস্থাত আছে বিদ্যালয়খন ৷ যাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকল। কিছু দিনৰ ভিতৰতে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব গুণোৎসৱ ৷ এতিয়া প্ৰশ্ন হয় দীৰ্ঘদিন ধৰি বন্ধ থকা বিদ্যালয়খনত শিক্ষা বিভাগে কেনেদৰে অনুষ্ঠিত কৰিব গুণোৎসৱ ? ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া মাধৱ সাহাই কিদৰে একমাত্ৰ সহকাৰী শিক্ষক গৰাকীৰ ছুটি মঞ্জুৰ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷
দীৰ্ঘদিন ধৰি তলা ওলমি থকা কৰিমগঞ্জৰ এখন বিদ্যালয়! - কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031 নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয়
বিগত বিশদিন ধৰি বন্ধ অৱস্থাত আছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ শিক্ষা খন্ডৰ অন্তৰ্গত 1031নং নয়াগ্ৰাম নিম্ন প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে সমস্যাত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল ৷

দীৰ্ঘদিন ধৰি তলা ওলমি থকা কৰিমগঞ্জৰ এখন বিদ্যালয়!
দীৰ্ঘদিন ধৰি তলা ওলমি থকা কৰিমগঞ্জৰ এখন বিদ্যালয়!
Last Updated : Nov 12, 2019, 2:04 PM IST