অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

সমগ্ৰ দেশৰ লগতে আজি কৰিমগঞ্জতো পালন কৰা হয় 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস' ৷ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি জিলাখনৰ সাংবাদিকসকলক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

By

Published : Nov 16, 2020, 8:19 PM IST

karimganj_national-press_day
কৰিমগঞ্জত পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'

কৰিমগঞ্জ,16 নৱেম্বৰ: আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনে আয়োজন কৰিলে এক বিশেষ অনুষ্ঠানৰ ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক সতু ৰায় ৷ অনুষ্ঠানটোত প্ৰশাসনৰ তৰফৰ পৰা সাংবাদিকসকলক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, 1966 চনৰ পৰাই 16 নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ দেশতে ৷ প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পালন কৰা হয় এই দিৱস ৷

কৰিমগঞ্জত পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

ABOUT THE AUTHOR

...view details