কৰিমগঞ্জত মৰেল পুলিচৰ তাণ্ডৱ;সংকটজনক 1 জন - ছ'চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ'
কৰিমগঞ্জত যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত বিপ্ৰ দাস নামৰ যুৱকৰ ওপৰত এচাম লোকে চলালে মৰেল পুলিচিং । জোতাৰ মালা পিন্ধাই অভিযুক্ত যুৱকজনৰ ওপৰত শাৰীৰিক প্ৰহাৰ কৰে লোকসকলে । অভিযুক্ত যুৱকজনৰ শাৰীৰিক অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে ।

কৰিমগঞ্জৰ,27ছেপ্টেম্বৰঃ কৰিমগঞ্জৰ চহৰৰ বাটগ্ৰাম অঞ্চলত চাঞ্চল্যকৰ কাণ্ড । এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত বিপ্ৰ দাস নামৰ যুৱকৰ ওপৰত এচাম লোকে চলালে মৰেল পুলিচিং । জোতাৰ মালা পিন্ধাই অভিযুক্ত যুৱকজনৰ ওপৰত শাৰীৰিক প্ৰহাৰ কৰে লোকসকলে । কেৱল ইয়াতেই ক্ষান্ত নাথাকি আক্ৰমণকাৰী সকলে অভিযুক্তৰ চুলি কাটি সমগ্ৰ অঞ্চলটো ঘূৰাই ৷ আনফালে এই কাণ্ডৰ এটা ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াৰ পাচতে কৰিমগঞ্জ সদৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়া লৈকে কোনো লোকক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে অভিযুক্ত যুৱকজনৰ শাৰীৰিক অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে । অৱশ্যে পৰৱৰ্তী সময়ত আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।