কংগ্ৰেছে CAB ৰ বিৰোধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী কৰাইছে - প্ৰাক্তন মন্ত্ৰী নিলমণি সেন ডেকা সমালোচনা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়
প্ৰাক্তন মন্ত্ৰী নিলমণি সেন ডেকাৰ অসমীয়া ভাষা আৰু ভূপেন হাজৰিকাৰ সন্দৰ্ভত কৰা বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ৰ প্ৰতিক্ৰীয়া ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভটো গুৰত্বপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে
![কংগ্ৰেছে CAB ৰ বিৰোধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী কৰাইছে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5103647-thumbnail-3x2-karimganj.jpg)
কৰিমগঞ্জ,18 নৱেম্বৰঃ নীলমণি সেন ডেকা পাগল মানুহ | নীলমণি প্ৰকৃততে এজন চোৰ | চুৰি কৰাৰ বাবে নিৰ্বাচনত পৰাজিত হৈ মানসিক বিকৃতি ঘটিছে নীলমনিৰ | যাৰ বাবে এনে আবোল তাবোল বকি আছে | প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত এই মন্তব্য কৰে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় ৷ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয় যে, কংগ্ৰেছৰ আদৰ্শত কোনেও জাতপাত লৈ ৰাজনীতি কৰাত বিশ্বাস নকৰে ৷ এনে মন্তব্যৰ বাবে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ক্ষমা বিচাৰিব লাগিব, নহ'লে আগন্তুক দিনত তেওঁৰ বিৰুদ্ধে দলে পদক্ষেপ লোৱাৰ লগতে আইনী ব্যবস্থাও ল'ব । তেঁও কয় যে যদি ভোটৰ স্বাৰ্থত নীলমণি সেন ডেকাই এনে মন্তব্য কৰে, তেন্তে ভোটৰ সময়ত লাভ হ'ব লাগিছিল । কিন্তু উজনি অসমৰ মানুহে কংগ্ৰেছৰ পৰিবৰ্তে বিজেপিকেহে ভোট দিলে । লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি এতিয়া আৰু লাভ নাই বুলি জনায় বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । ইয়াৰ বিপৰীতে অনুচ্ছেদ ১৪ অৱমাননাৰ বাবে বিৰোধিতা কৰা উচিত বুলি কয় । নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বঙালী মানুহৰ কোনো লাভ নহয় ৷ নাগৰিকত্ব বিধেয়কখন বিনা চৰ্তে হ'ব লাগে বুলি জনাই বিধায়কগৰাকীয়ে ৷ বিধায়ক গৰাকীয়ে লগতে কয় যে বৰ্তমান কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি লাভ নাই ৷ কিয়নো মূলসূঁতিৰ অসমীয়া মানুহে উজনি অসমত বিজেপি দলকে ভোট দি জয়ী কৰাইছে ৷
TAGGED:
ex minister Nilomoni news