অসম

assam

ETV Bharat / state

কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি

কৰিমগঞ্জৰ লোৱাইৰপোৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনস্থ ডেংগাৰবন্ধ জিপিত প্ৰায় 6 মাহ পূৰ্বে পুখুৰী নিৰ্মানৰ দায়িত্ব লাভ কৰিছিল ডেংগাৰবন্ধ জিপিৰ হৰিবাচৰ গাঁওৰ ৰজত চন্দ নামৰ এগৰাকী যুৱকে ৷ যাৰ বাবে আৱন্টন দিয়া হৈছিল প্ৰায় 1 লাখ 9 হাজাৰ টকা ৷ কিন্তু কেইবামাহো অতিবাহিত হোৱাৰ পিছতো প্ৰাপ্য ধন নাপাই যুৱকজনে বিডিওৰ ওচৰত অভিযোগ উত্থাপন কৰে ৷

By

Published : Jan 20, 2020, 10:51 PM IST

karimganj MGNREGA scam
কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি

কৰিমগঞ্জ,20 জানুৱাৰীঃ চৰকাৰী পুঁজি আৱন্টন জিয়াৰ প্ৰলোভন দেখুৱাই হিতাধিকাৰীৰ টকা আত্মসাৎ ৷ অভিযুক্ত অধিকাৰী আৰু বিজেপিৰ আঞ্চলিক সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু যুৱকৰ ৷ উল্লেখ্য যে, কৰিমগঞ্জৰ লোৱাইৰপোৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনস্থ ডেংগাৰবন্ধ জিপিত প্ৰায় 6 মাহ পূৰ্বে পুখুৰী নিৰ্মানৰ দায়িত্ব লাভ কৰিছিল ডেংগাৰবন্ধ জিপিৰ হৰিবাচৰ গাঁওৰ ৰজত চন্দ নামৰ এগৰাকী যুৱকে ৷ যাৰ বাবে আৱন্টন দিয়া হৈছিল প্ৰায় 1 লাখ 90 হাজাৰ টকা ৷ কিন্তু কেইবামাহো অতিবাহিত হোৱাৰ পিছতো প্ৰাপয ধন নাপাই যুৱকজনে বিডিওৰ ওচৰত অভিযোগ উত্থাপন কৰে ৷ আনহাতে, কিছুদিন পিছত যুৱকজনে জানিব পাৰে যে পুখুৰীৰ নামত আৱন্টিত ধন জৱকাৰ্ডৰ জৰিয়তে উঠাই লোৱা হৈছে ৷ পৰৱৰ্তী সময়ত উপায়ন্তৰ হৈ যুৱকজনে বিডিও সুৰজিত দাস, JE সাজাহান আহমেদ আৰু বিজেপিৰ নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য মনিৰাজ কুৰ্মীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতত গোচৰ ৰুজু কৰে ৷

কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি

উল্লেখযোগ্য যে, এটাৰ পিছত আন এটা দুৰ্নীতিৰ অভিযোগত সংবাদ শিৰোনাম দখল কৰি আহিছে কৰিমগঞ্জৰ লোৱাইৰপোৱা উন্নয়ন খণ্ড কাৰ্যালয়ে ৷ তেনেস্থলত এই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক-অৱশেষত ডেজিগনেটেড কেম্পত আহি উপস্থিত এনডিএফবি (এছ)ৰ সভাপতি সম্পাদক

ABOUT THE AUTHOR

...view details