কৰিমগঞ্জ, 6 জুন :কৰিমগঞ্জত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ গৰা খহনীয়া । লংগাইৰ নৈৰ বুকুত নিশ্চিহ্ন হ’ল কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভৰষা এটা অতি গুৰুত্বপূৰ্ণ পথ । জানিব পৰা মতে, কৰিমগঞ্জ জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাইমুখ গাঁৱত লংগাই নৈৰ খহনীয়াৰ কৱলত পৰি জাহ গৈছে এটা পকী পথ ।
ব্যস্ত পথছোৱাৰ খহনীয়াগ্ৰস্ত প্ৰায় তিনিশ মিটাৰ অংশ মেৰামতি নোহোৱাৰ পূৰ্বেই শনিবাৰে পুৰণা খহনীয়া অংশৰ পৰা প্ৰায় দুশ মিটাৰ নিলগত পুনৰ খহিল আৰু দুশ মিটাৰ অংশ । যাৰ ফলত ছেবৰা, পুটিমাৰা, মেদা, কাটাগ্ৰাম, লামা বাহাদুৰপুৰ, দিঘলবাগ, গান্ধাইমুখ আদি গাঁৱৰ প্ৰায় চাৰি হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ পথটো খহনীয়াৰ কৱলত পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।