কৰিমগঞ্জ, 20 ডিচেম্বৰ : কৰ’ণা মুক্ত হ’ল কৰিমগঞ্জ ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰ ৷ সম্পূৰ্ণ ৭ মাহ পিচত কৰিমগঞ্জ ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰত কৰ’ণা ৰোগীৰ সমিক্ষা শূণ্য় হোৱা পৰিলক্ষিত হৈছে ৷ শনিবাৰে এজন ক’ৰণা আক্ৰান্ত ৰোগীক কৰিমগঞ্জ ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰৰ পৰা মুকলি কৰি দিয়া হৈছে ৷ যোৱা ৩১ মে’ত ৫ জনকৈ কৰ’ণা ৰোগী ভৰ্তি কৰা হৈছিল কৰিমগঞ্জ ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰত ৷ তাৰ পিছৰ পৰাই ১,৩৫৬ জনকৈ আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি কৰ’ণা মুক্ত কৰা হৈছিল ৷ কিন্তু দূৰ্ভাগ্যজনকভাৱে এই মহামাৰীত ৯ জনকৈ ৰোগী মৃত্যু মুখত পৰিছে ৷
ক্ৰমাৎ কৰ’ণা মুক্তৰ দিশে কৰিমগঞ্জ - karimganj is now covid free
কৰ’ণা মুক্ত হ’ল কৰিমগঞ্জ ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰ ৷ সুদীৰ্ঘ ৭ মাহৰ অন্তত কৰিমগঞ্জ ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰত কৰ’ণা ৰোগীৰ সমিক্ষা হল শূণ্য ৷ চিকিৎসাধীন হৈ থকা ১৩৫৬ গৰাকী ৰোগী কৰ’ণা মুক্ত হৈ ঘৰলৈ উভতি যোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, যোৱা ৩১মাৰ্চত কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ জামাল উদ্দিনক অসমৰ প্ৰথম কৰ’ণা আক্ৰান্ত হিচাপে চিনাক্ত হৈছিল ৷ তাৰ পিচত ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে কৰিমগঞ্জ জিলাতো শ শ বিচনাযুক্ত ক’ভিড ট্ৰীটমেন্ট চেণ্টাৰ নিৰ্মান কৰা হৈছিল ৷ দীৰ্ঘ ৭ মাহ ধৰি চিকিৎসক নাৰ্চ সকলে দিনে নিশাই যত্ন কৰি আক্ৰান্ত সকলোকে সুস্থ কৰি ঘৰলৈ উভতাই পঠাইছে ৷ আজিৰ দিনটোলৈ অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাত আনন্দ প্ৰকাশ কৰিছে জিলাখনৰ চিকিৎসক সকলে ৷
লগতে পঢ়ক:তাজ ভিভান্তাত হাগ্ৰামাৰে কিহৰ মন্ত্ৰণা হিমন্তবিশ্ব শৰ্মাৰ ?