অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত গৰু চোৰ কেন্দ্ৰিক উত্তেজনা

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ থলৰখলা গাঁৱত শুকুৰবাৰে নিশা সৃষ্টি হ’ল তীব্ৰ উত্তেজনা । চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। অৱশ্যে, ৰাইজে সৰবৰাহকাৰীৰ উদ্দেশ্য বিফল কৰি আৰক্ষীৰ সহায়ত আটক কৰে চোৰক

By

Published : May 29, 2021, 4:28 PM IST

karimganj-international-border-cattle-thief-issue
কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত গৰু চোৰ কেন্দ্ৰিক উত্তেজনা

কৰিমগঞ্জ, 29 মে’: কৰিমগঞ্জত অব্যাহত আছে বিভিন্ন ধৰণৰ চিণ্ডিকেট ৷ আনকি চিণ্ডিকেটৰ বিৰুদ্ধে মাত মতা ৰাজ্যৰ মুখ্যমন্ত্ৰীকো কেৰেপ নকৰে এইসকল চিণ্ডিকেটকাৰীয়ে । সেয়া লাগিলে চোৰাং গৰু হওঁক অথবা কয়লা প্ৰতিদিনেই অব্যাহত আছে বাংলাদেশলৈ এইসমূহ সামগ্ৰীৰ সৰবৰাহ । শুকুৰবাৰে, নিশা চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহৰ ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ থলৰখলা গাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

ঘটনাৰ বিৱৰণ অনুসৰি, লংগাই এলেকাৰ অজিত নাথ নামৰ এগৰাকী ব্যক্তিৰ গোহালিৰ পৰা সন্ধিয়াৰ ভাগত চোৰ হয় এটা গৰু । থলৰখলা এলেকাৰ কুখ্যাত চুৰ জবৰুল হকে গৰু চুৰি কৰি এখন বাহনৰে লৈ যোৱাৰ সময়ত স্থানীয় লোকৰ বিষয়টো দৃষ্টি গোচৰ হয় ।

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত গৰু চোৰ কেন্দ্ৰিক উত্তেজনা

পিছে, ৰাইজে বাহনখন খেদি খেদি ধৰাৰ চেষ্টা চলায় যদিও জবৰুল হক গৰুসহ বাহন লৈ পলাই যাবলৈ সক্ষম হয় । ইপিনে, এটা সময়ত ৰাইজে জবৰুল হকৰ ঘৰত গৈ উপস্থিত হৈ তাত তিনিটাকৈ গৰু বাংলাদেশলৈ সৰবৰাহৰ বাবে সাজু কৰি থোৱা পৰিলক্ষিত কৰে ।

জবৰুল হকে উপস্থিত হোৱা লোকসকলৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ চলোৱাৰ চেষ্টা চলাই আন দুই সহযোগীৰ সৈতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় । আনহাতে, বিষয়টোৰ খবৰ বিয়পি পৰাৰ লগে লগে দাতি কাষৰীয়া গাঁৱৰ লোক সকল সেই স্থানত সমবেত হৈ আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি অজিত নাথৰ গৰু উদ্ধাৰ কৰে যদিও, আন দুই গৰুৰ মালিক আচলতে কোন আছিল, এয়া এতিয়ালৈকে পোহৰলৈ অহা নাই । আৰক্ষীয়ে অৱশেষত আন দুই গৰু চোৰক নিলামবজাৰ আৰক্ষী থানালৈ লৈ আহে ।

উল্লেখযোগ্য যে, অনুৰূপ ঘটনা সীমান্ত এলেকাত সঘনাই সংঘটিত হয় । সঘনাই কৰিমগঞ্জৰ বিভিন্ন সীমান্ত এলেকাত থকা লোক সকলৰ গোহালিৰ পৰা চোৰ হয় পোহনীয়া জীৱ জন্তু । বিশেষকৈ গৰু, ম’হ আদি চুৰি কৰি সৰবৰাহ কৰা হয় বাংলাদেশলৈ । বিভিন্ন সময়ত স্থানীয় চোৰৰ সহযোগত বাংলাদেশৰ চোৰ আহি ভাৰতৰ মাটিত তাণ্ডৱ চলোৱাৰ ঘটনাও ঘটে ।

লগতে পঢ়ক:শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক

ABOUT THE AUTHOR

...view details