কৰিমগঞ্জ, ২০ অক্টোবৰ: কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ চোৰাং চেগুন কাঠ। সোমবাৰে নিশা লোয়াইৰপোৱা কানমুন ৰাষ্ট্ৰীয় ঘাইপথৰ হাতাইৰবন্দ অঞ্চলত বন বিভাগে অভিযান চলাই জব্দ কৰে চোৰাং কাঠ ভৰ্তি এখন বলেৰ' পিক আপ ভান। জব্দকৃত কাঠখিনিৰ মূল্য ২ লাখ টকা। AS-10C-5809 নম্বৰৰ বলেৰ' পিক আপ ভানখনত আছিল 72 CFT চেগুন কাঠৰ কুণ্ডা। লংগাই বন সংমণ্ডলৰ বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত কাঠখিনি জব্দ হয়।
কৰিমগঞ্জত ২ লাখ টকা মূল্যৰ চোৰাং চেগুন কাঠ জব্দ - চোৰাং চেগুন
কৰিমগঞ্জত চোৰাং চেগুন কাঠ ভৰ্তি বলেৰ' পিক আপ ভান জব্দ। বন বিভাগৰ অভিযানত জব্দ হোৱা কাঠখিনিৰ মূল্য ২ লাখ টকা।
![কৰিমগঞ্জত ২ লাখ টকা মূল্যৰ চোৰাং চেগুন কাঠ জব্দ কৰিমগঞ্জত ২ লাখ টকা মূল্যৰ চোৰাং চেগুন কাঠ জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9240494-480-9240494-1603167571241.jpg)
কৰিমগঞ্জত ২ লাখ টকা মূল্যৰ চোৰাং চেগুন কাঠ জব্দ
উল্লেখ্য যে,একাংশ বন মাফিয়াই লংগাই সংৰক্ষিত বনাঞ্চলৰ পৰা নিতৌ এনেদৰে মূল্যবান গছ কাটি বিক্ৰী কৰি আহিছে। বিগত কিছুদিন ধৰি বন বিভাগে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যহত ৰাখিছে।
লগতে পঢ়ক:সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!