অসম

assam

By

Published : Mar 29, 2019, 8:47 AM IST

ETV Bharat / state

চৰকাৰী হেমাহিৰ বাবে পাহৰণিৰ গৰ্ভত ঐতিহাসিক ৱদৰপুৰ দূৰ্গ

চৰকাৰী অৱহেলাৰ বাবে ভূত বাংলাত পৰিণত হৈছে কৰিমগঞ্জৰ ঐতিহাসিক ৱদৰপুৰ দূৰ্গ৷ চৰকাৰ আহে আৰু চৰকাৰ যায়, এটাৰ পাছত আনটো প্ৰতিশ্ৰুতি৷ কিন্তু কোনো পৰিবৰ্তন নহ'ল ঐতিহাসিক দূৰ্গটোৰ৷ যাৰবাবে বৰ্তমান মদ, জুৱা আদি অ-সামাজিক কাৰ্যকলাপৰ গৃহত পৰিণত হৈছে ৱদৰপুৰ দুৰ্গটো৷

চৰকাৰী হেমাহিতাৰ বাবে পাহৰণিৰ গৰ্ভত ঐতিহাসিক ৱদৰপুৰ দূৰ্গ

কৰিমগঞ্জ, 29 মাৰ্চ: বৃটিছ আমোলত নিৰ্মাণ হোৱা দুৰ্গটো বৰ্তমান চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে জৰাজীৰ্ণ ৰূপ লৈছে৷ দেশৰ লগতে বিদেশৰ পৰাও বহু পৰ্যটন ঐতিহাসিক দুৰ্গটো পৰিদৰ্শনৰ বাবে আহে কিন্তু মদৰ বটলৰ বাহিৰে আন একো দেখা নাপায় পৰ্যটকে৷ তদুপৰি সন্ধিয়াৰ পৰা দুৰ্গটোত বিভিন্ন অসামাজিক কাৰ্যকলাপে পৰিবেশ বিশৃংখল কৰি তুলিছে৷

চৰকাৰী হেমাহিতাৰ বাবে পাহৰণিৰ গৰ্ভত ঐতিহাসিক ৱদৰপুৰ দূৰ্গ

কৰিমগঞ্জ আৰু ৱদৰপুৰ আৰক্ষীয়ে দুৰ্গটোত সংঘটিত অসামাজিক কাৰ্যকলাপ ৰোধৰ পৰিবৰ্তে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণৰ অভিযোগ কৰিছে স্থানীয় লোকে৷ বৰাকৰ নৱমী উৎসৱ পাছত বিজেপি ৰাজ্যিক উপসভাপতি বিশ্বৰূপ ভট্টাচার্যই দুৰ্গটোৰ বাবে 50 লাখ টকা আৱন্টন দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল যদিও সেয়া বৰ্তমানো ঘোষণাৰ মাজতেই আৱদ্ধ হৈ আছে বুলি অভিযোগ কৰে স্থানীয় লোক।

ABOUT THE AUTHOR

...view details