কৰিমগঞ্জ, 9 অক্টোবৰ : এতিয়া গৰু-ছাগলীৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে কৰিমগঞ্জ জিলাৰ আনন্দপুৰ চিকিৎসালয় ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ আনন্দপুৰত 8 খন বিচনাযুক্ত চিকিৎসালয়খন উদ্বোধন কৰা হৈছিল ৷ বহু দিনৰ অন্তত অঞ্চলটোৰ ৰাইজে পৰ্যাপ্ত চিকিৎসা সেৱা লাভ কৰিব বুলি আশা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয়খনত চিকিৎসক নিয়মীয়াকৈ উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
তদুপৰি চিকিৎসালয় নিৰ্মাণৰ কেইবছৰমান পাৰ নৌহওতেই চিকিৎসালয়খন জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৷ চিকিৎসালয়খনৰ বিভিন্ন আচবাব,চিলিং আদি উৱলি যোৱা পৰিলক্ষিত হৈছে ৷