অসম

assam

By

Published : Oct 30, 2019, 11:17 PM IST

ETV Bharat / state

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত কুঠাৰৰে ঘপিয়াই মহিলাক হত্যা

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত পাৰিবাৰিক কন্দলৰ ফলত কুঠাৰৰে ঘপিয়াই হত্যা এগৰাকী মহিলাক; লগতে গুৰতৰ ভাৱে আহত আন এগৰাকী মহিলা ৷

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত কুঠাৰৰে ঘপিয়াই মহিলাক হত্যা

কৰিমগঞ্জ,30 অক্টোবৰ : কৰিমগঞ্জৰ হাতিখিৰাত হত্যাকাণ্ড । ককায়েকৰ শাশুৱেকক কুঠাৰৰে ঘপিয়াই কৰি হত্যা কৰিলে ভাতৃয়ে । লগতে আক্ৰমণ কৰি গুৰুতৰ আহত কৰিলে বৌয়েকক । এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে হাতিখিৰা চাহ বাগিচাৰ ২০ নং লাইনত । হত্যাকাৰীজন নাম হৈছে লক্ষীচৰণ পাছী । আনহাতে নিহত মহিলা গৰাকীৰ নাম বিৰো পাছী ।

ঘটনা অনুসৰি পাথাৰাকন্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত পুতনি চাহ বাগিচাৰ পৰা দুদিন পূৰ্বে হাতিখিৰাত থকা জীয়ৰীৰ ঘৰত ফুৰিবলৈ আহিছিল বিৰো পাছী নামৰ মহিলাগৰাকী । জীয়ৰী মালতী পাছীৰ ঘৰত বুধবাৰে বিয়লি কোনো কাৰণত পাৰিবাৰিক কাজিয়াৰ সৃষ্টি হয় ৷ কাজিয়াত উত্তেজিত লক্ষীচৰণ পাছীয়ে ক্ৰোধত কুঠাৰৰে ঘপিয়াই হত্যা কৰে ৬০ বছৰীয়া বিৰো পাছী নামৰ মহিলাগৰাকীক । লগতে ঘটনাটোত গুৰুতৰভাৱে আহত হয় বিৰো পাছীৰ কন্যা মালতী পাছী ।

উক্ত ঘটনা পাছত লক্ষীচৰণক পৰিয়ালৰ লোকে আবদ্ধ কৰি বাজাৰিছড়া থানাৰ আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে বাছৰি থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী লক্ষীচৰণ পাছীক । গুৰুতৰ ভাৱে আহত মালতী পাছীক প্ৰেৰণ কৰা হয় স্থানীয় মাকুন্দা চিকিৎসালয়লৈ । লগতে নিহত মহিলাগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণ কৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ । প্ৰকৃততে কি কাৰণত মহিলা গৰাকীক হত্যা কৰা হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ বৰ্তমান আটক লক্ষীচৰণ পাছীক জেৰা অব্যাহত ৰাখিছে বাজাৰিছড়া আৰক্ষীয়ে ।

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত কুঠাৰৰে ঘপিয়াই মহিলাক হত্যা

For All Latest Updates

ABOUT THE AUTHOR

...view details