অসম

assam

By

Published : Aug 14, 2019, 11:21 PM IST

ETV Bharat / state

কৰিমগঞ্জৰ ঐতিহাসিক স্থান লাতু মালেগৰক প্ৰদান কৰা হ'ব চৰকাৰী স্বীকৃতি

160 বছৰ ধৰি উপেক্ষিত হৈ ৰোৱা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলা সীমান্তৰ ঐতিহাসিক ঠাই লাতু মালেগৰক পোন প্ৰথম বাৰৰ বাবে চৰকাৰী স্বীকৃতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কৰিমগঞ্জৰ ঐতিহাসিক ঠাই

কৰিমগঞ্জ, 14 আগষ্টঃ 160 বছৰ ধৰি উপেক্ষিত হৈ থকা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলা সীমান্তৰ ঐতিহাসিক ঠাই লাতু মালেগৰক স্বাধীনতা দিৱসৰ দিনা পোন প্ৰথম বাৰৰ বাবে চৰকাৰী স্বীকৃতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰোপৰি চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত লাটু যুদ্ধৰ 26 গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, 1857 চনৰ 18 ডিচেম্বৰত লাটু বজাৰত লেফটেনেণ্ট ৰসৰ নেতৃত্বত থকা 75 জনীয়া এটা দলে দেশীয় পদাতিক বাহিনীৰ লগত সম্মুখ সমৰত লিপ্ত হৈছিল যাৰ ফলতে 26 গৰাকী দেশীয় যোদ্ধা নিহত হোৱাৰ লগতে ব্ৰিটিছৰ পাঁচজনকৈ চিপাহী নিহত হয় ।

কৰিমগঞ্জৰ ঐতিহাসিক ঠাই লাতু মালেগৰক প্ৰদান কৰা হ'ব চৰকাৰী স্বীকৃতি

ABOUT THE AUTHOR

...view details