অসম

assam

ETV Bharat / state

ভুৱা পৰিচয়ৰে মহিলা পলুৱাই আনি বিপদত জামাল হুছেইন - etv bharat assam

ফেচবুকৰ জড়িয়তে মিছা পৰিচয়ৰে চিনাকী হৈ প্ৰলোভন দেখুৱাই পলুৱাই আনে মনিপুৰৰ দুই সন্তানৰ মাতৃক ৷ মহিলা গৰাকীৰ আগত নিজকে বাবুল দাস বুলি পৰিচয় দি আহিছিল জামাল হুছেইনে ৷ ইমানেই নহয়, মহিলাগৰাকীক পলুৱাই আনি তিনিদিন ধৰি ত্ৰিপুৰাৰ হোটেলত বন্দী কৰি ৰাখে অভিযুক্ত জামাল হুছেইনে ৷

ভুৱা পৰিচয়ৰে মহিলা পলুৱাই আনি ৰাইজৰ ৰোষত কৰিমগঞ্জৰ ব্যক্তি

By

Published : Jun 15, 2019, 6:24 PM IST

ভুৱা পৰিচয়ৰে মহিলা পলুৱাই আনি ৰাইজৰ ৰোষত কৰিমগঞ্জৰ ব্যক্তি

কৰিমগঞ্জ, 15 জুনঃ গোপন পৰিচয়ৰে ফেচবুকৰ জড়িয়তে মহিলা পলুৱাই আনি ৰাইজৰ ৰোষত পৰিল কৰিমগঞ্জৰ বাজাড়িছৰাৰ জামাল হুছেইন ৷ ফেচবুকৰ জড়িয়তে গোপন পৰিচয়ৰে মনিপুৰৰ মহিলাৰ লগত চিনাকী হৈ মিছা প্ৰলোভন দেখুৱাই পলুৱাই আনে মনিপুৰৰ দুই সন্তানৰ মাতৃক ৷ মহিলা গৰাকীক বাবুল দাস বুলি পৰিচয় দি আহিছিল জামাল হুছেইনে ৷ আনহাতে, মহিলাগৰাকীক পলুৱাই আনি তিনিদিন ধৰি ত্ৰিপুৰাৰ হোটেলত ৰাখে জামাল হুছেইনে ৷ তাৰ পাচত মহিলা গৰাকীয়ে হোটেলৰ পঞ্জীয়ন বহিত চাই গম পাই জামাল হুছেইনৰ প্ৰকৃত পৰিচয় ৷ ভুক্তভোগী মহিলা গৰাকীয়ে ব্যক্তিগৰাকীৰ প্ৰকৃত পৰিচয় লাভ কৰাৰ পাচতে অৱগত কৰাই দূৰ্গাবাহিনীক ৷ দূৰ্গাবাহিনীয়ে খবৰ লাভ কৰাৰ পাচতে পাথাৰখান্দি ৰে'ল ষ্টেচনত বজৰং দলৰ সহায়ত দূৰ্গা বাহিনীয়ে কৰায়ত্ব কৰে ধৃত জামাল হুছেইনসহ মহিলাগৰাকীক ৷

ABOUT THE AUTHOR

...view details