অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ভয়াৱহ অগ্নিকাণ্ডঃ ভষ্মীভূত চাৰিটা ব্যৱসায়িক প্ৰতিষ্ঠান

কৰিমগঞ্জত মঙলবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় ছটাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নীকাণ্ডৰ কাৰণ ৷

By

Published : Nov 27, 2019, 10:39 AM IST

karimganj fire incedent
কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ড

কৰিমগঞ্জত, 27 নৱেম্বৰ :কৰিমগঞ্জৰ ধলছড়া পঞ্চায়তৰ অন্তৰ্গত সুনাতুলা বজাৰত মঙলবাৰে নিশা এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হয় ছটাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান । মাজ নিশা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছে এখন গেলামালৰ দোকান, এটা মাছৰ গোদাম, এখন চেলুন আৰু এখন ব্ৰয়লাৰ ফাৰ্মৰ লগতে এখন কাপোৰৰ দোকান ।

স্থানীয় ৰাইজে বুধবাৰে পুৱা বহুবাৰ অগ্নি নিৰ্ব্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও কিন্তু কোনো এটা অগ্নি নিৰ্ব্বাপক বাহিনীৰ সৈতে যোগাযোগ সম্ভৱ নহয় ৷ অৱশেষত ৰাইজে নিজৰ চেষ্টাতে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ পূৰ্বে সকলো ধ্বংসস্তুপলৈ পৰিণত হয় । অগ্নিকাণ্ডৰ ফলত প্ৰায় 50 লাখ টকাৰ ক্ষয়-ক্ষতি হোৱাৰ আশংকা কৰা হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক আহি উপস্থিত হৈছে যদিও অগ্নিকাণ্ডৰ প্ৰকৃত কৰাণ এতিয় নিশ্চিত কৰিব পৰা নাই ।

কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details