অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষৰ মূল অপহৰণকাৰী - কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষৰ মূল অপহৰণকাৰী গ্ৰেপ্তাৰ

বদৰপুৰ আৰক্ষীৰ সফলতা ৷ মতিউৰ ৰহমানৰ অপহৰণৰ লগত জড়িত মূল দুষ্কৃতিকাৰী কৰায়ত্ত ৷ তদন্তত ফাদিল হ'ব বহু নতুন তথ্য ৷

কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষৰ মূল অপহৰণকাৰীক গ্ৰেপ্তাৰ

By

Published : Sep 30, 2019, 10:00 AM IST

বদৰপুৰ, 30 চেপ্তেম্বৰ: কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণৰ লগত জড়িত মূল দুষ্কৃতিকাৰী আবুল হোসেনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বদৰপুৰ আৰক্ষীয়ে ।

উল্লেখ্য যে, মতিউৰ ৰহমানক যোৱা 20 দিন আগতে ভাংগা এলেকাৰ পৰা অপহৰণ কৰা হৈছিল ৷ তেওঁ কৌশলেৰে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল । তাৰ পাচতেই বদৰপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজনক আটক কৰিবলৈ সক্ষম হৈছিল ৷ বদৰপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কালাইনৰ ভৌৰভপুৰৰ পৰা শনিবাৰে ৰাতি আবুল হোসেনক গ্ৰেপ্তাৰ কৰে ৷ দেওবাৰে ধৃত আবুল হোসেনক আৰক্ষীয়ে কৰিমগঞ্জ আদালতলৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে তদন্তৰ খাতিৰত এতিয়ালৈকে অধিক তথ্য সদৰী কৰা নাই । ধৃত অপহৰণকাৰী আবুল হোসেনে সংবাদ মাধ্যমৰ আগত এই অপহৰণৰ ঘটনা আন ব্যক্তিৰ হেঁচাত কৰা বুলি জনাইছে । আৰক্ষীৰ তদন্তত বহু গোপন তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে ।

কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণৰ লগত জড়িত মূল দুষ্কৃতিকাৰী কৰায়ত্ত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details