অসম

assam

ETV Bharat / state

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিমগঞ্জত - Karimganj drinking water crisis

কৰিমগঞ্জ পৌৰসভাই ৰাসায়নিকৰ যোগান বন্ধ ৰখাত বিগত দুমাহ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত সুচাৰুৰূপে যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত কেৱল এসময়তহে যোগান ধৰিছে পানী ৷ কিন্তু সেই পানী খোৱাৰ উপযোগী হয় নে নহয় তাক লৈও চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

Karimganj Drinking water crisis
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিমগঞ্জত

By

Published : Nov 26, 2019, 7:19 PM IST

কৰিমগঞ্জ, 26 নৱেম্বৰঃ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে কৰিমগঞ্জ চহৰত ৷ পৰ্যাপ্ত ৰাসায়নিকৰ অভাৱত বিপৰ্যস্ত হৈছে পানী যোগান ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত কেৱল এসময়তহে যোগান ধৰিছে পানী ৷ কিন্তু সেই পানী খোৱাৰ উপযোগী হয় নে নহয় তাক লৈও চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিমগঞ্জত

উল্লেখ্য যে,কৰিমগঞ্জ পৌৰসভাই ৰাসায়নিকৰ যোগান বন্ধ ৰখাত বিগত দুমাহ ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে চহৰখনত সুচাৰুৰূপে যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ৷ মাহিলী 17 টন ৰাসায়নিকৰ পৰিৱৰ্তে পৌৰসভাই যোগান ধৰিছে কেৱল মাত্ৰ 6টন ৰাসায়নিক ৷ আনহাতে বিগত দুমাহ ধৰি কোনোধৰণৰ ৰাসায়নিকৰ যোগান ধৰা নাই পৌৰসভাই ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে অন্য জিলা আৰু গ্ৰামাঞ্চলৰ পৰা ৰাসায়নিক ধাৰলৈ আনি অব্যাহত ৰাখিছে পানী যোগান ৷ কিন্তু অতি শীঘ্ৰেই খোৱা পানী যোগান বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে বিভাগটোৱে ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত কংগ্ৰেছ সদস্যসকলে বিশুদ্ধ পানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাক হেঁচা প্ৰয়োগ কৰে ৷

আনহাতে,চিপিআই নেতা চন্দন চক্ৰৱৰ্তীয়েও দলীয় কৰ্মীসকলক লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত খালি কলহ লৈ প্ৰতিবাদ কৰে ৷ প্ৰতিমাহে অতিৰিক্তকৈ বেটাৰমেন্ট টেক্স দিয়াৰ পিছতো পৌৰসভাই উপযুক্ত সেৱা আগবঢ়াব নোৱাৰাৰ বাবে পৌৰসভাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

ABOUT THE AUTHOR

...view details