অসম

assam

ETV Bharat / state

কৰিমগঞ্জত চিকিৎসক বিচাৰি ৰাইজৰ প্ৰতিবাদ - চিকিৎসকবিহীন স্বাস্থ্য কেন্দ্ৰ

চিকিৎসকবিহীন স্বাস্থ্য কেন্দ্ৰটোত অঞ্চলটোৰ ৰাইজৰ বাবে স্বাস্থ্যকেন্দ্ৰটোত থকা ফাৰ্মাচিষ্ট জনেই একমাত্ৰ ভৰষা বিপদে আপদে ৷

কৰিমগঞ্জত চিকিৎসক বিচাৰি ৰাইজৰ প্ৰতিবাদ

By

Published : Sep 19, 2019, 3:06 PM IST

বদৰপুৰ, 19 চেপ্তেম্বৰঃ কৰিমগঞ্জত স্বাস্থ্য বিভাগত চৰম অৰাজকতাৰ অভিযোগ। কৰিমগঞ্জৰ বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ দাবীত ৰাইজৰ অৱস্থান ধৰ্মঘট বৃহস্পতিবাৰে। কৰিমগঞ্জৰ বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘ সময় ধৰি স্থায়ী চিকিৎসক নথকাৰ ফলত বহু সময়ত স্বাস্থ্য কেন্দ্ৰটোলৈ অহা ৰোগী ঘূৰি যাবলগীয়া হয় ৷ চিকিৎসকবিহীন স্বাস্থ্য কেন্দ্ৰটোত অঞ্চলটোৰ ৰাইজৰ বাবে স্বাস্থ্যকেন্দ্ৰটোত থকা ফাৰ্মাচিষ্ট জনেই একমাত্ৰ ভৰষা বিপদে আপদে ৷ চিকিৎসকৰ অনুপস্থিতিত ফাৰ্মাচিষ্টজনেই সম্পাদন কৰিবলগা হৈছে চিকিৎসকৰ দায়িত্ব যাৰ বাবে চিকিৎসক বিচাৰি অঞ্চলটোৰ ৰাইজে বৃহস্পতিবাৰে প্ৰতিবাদত নামিবলগীয়া হ'ল ৷

ফাৰ্মাচিষ্ট জনেই একমাত্ৰ ভৰষা বিপদে আপদে

বিগত কেইদিন মান পূৰ্বে এজন চিকিৎসকক স্বাস্থ্য কেন্দ্ৰটোত নিয়োগ কৰিছিল যদিও কোন অজ্ঞাত কাৰণত সেই চিকিৎসকজনকো স্বাস্থ্য বিভাগে বদলি কৰি আন ঠাইলৈ লৈ যায় ৷ ফলত পুনৰ বিপদত পৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷ ৰাইজৰ বহুবাৰ প্ৰতিবাদৰ পিচতো চিকিৎসকজনক নিযুক্তি দি পুনৰ বদলি কৰি লৈ যোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

কৰিমগঞ্জত চিকিৎসক বিচাৰি ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক আমিনুল ইছলামক এই সম্পৰ্কত অঞ্চলটোৰ ৰাইজে বহুবাৰ অভিযোগ কৰিছে যদিও কোনো ফল পোৱা নাই । স্বাস্থ্য বিভাগৰ দৃষ্টি আকৰ্ষণৰ বাবে বদৰপুৰৰ ৰাইজ বৃহস্পতিবাৰে প্ৰতিবাদত বহে স্বাস্থ্য কেন্দ্ৰটোৰ সন্মুখত ৷ তেওঁলোকৰ দাবী শীঘ্ৰে যদি স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিযুক্তি নিদিয়ে তেনেহ'লে অনাগত দিনত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷

ABOUT THE AUTHOR

...view details