কৰিমগঞ্জত ডি এল এড শিক্ষাৰ্থীৰ হাহাকাৰ - Kaliganj Diet
ঘোষিত নহল কালিগঞ্জ ডায়েট'ৰ 150 গৰাকী শিক্ষাৰ্থীৰ ফলাফল ৷
কৰিমগঞ্জ, 10 অক্টোবৰ:বৃহস্পতিবাৰে ৰাজ্যজুৰি ঘোষণা কৰা হ'ল ডি এল এড পাঠ্যক্ৰমৰ পৰীক্ষাৰ ফলাফল ৷ ফলাফল ঘোষণাৰ দিনটোতে কৰিমগঞ্জত 150জন পৰীক্ষাৰ্থীৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ জিলাখনৰ কালিগঞ্জ ডায়েট'ৰ অন্তৰ্গত 150 গৰাকী শিক্ষাৰ্থীৰ ঘোষণা কৰা নহল ডি এল এডৰ ফলাফল ৷ যাৰ ফলত নিজ ভৱিষ্যতৰ শংকাত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত নামি পৰে ভুক্তভূগী শিক্ষাৰ্থীসকল ৷ কেন্দ্ৰটোৰ দায়িত্বত থকা তাজউদ্দিন লস্কৰে সংঘটিত কৰা বিত্তীয় কেলেংকাৰীৰ ফলস্বৰূপেই তেওঁলোকৰ সম্পূৰ্ণ দুটা শিক্ষাবৰ্ষ নষ্ট হৈ যোৱাৰ অভিযোগ কৰে ফলাফল নাপাই হতাশ হৈ পৰা শিক্ষাৰ্থীসকলে ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সাংবাদিকৰ আগত জনাই যে ডি এল এড পাঠ্যক্ৰম গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে প্ৰদান কৰা সমুদাই মাচুল জিলা শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ দায়িত্বত থকা তাজ উদ্দিন লস্কৰে সৰকাই নিয়ে যাৰ পৰিণতিত কেন্দ্ৰটোৰ 150 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী নিজ প্ৰাপ্য ফলাফলৰ পৰা বঞ্চিত হৈ ৰয় ৷ এই ঘটনাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোতেই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অতি শীঘ্ৰে দোষীক শাস্তিৰ দাবী জনাইছে এইসকল ফলাফল বঞ্চিত শিক্ষাৰ্থীয়ে ৷