অসম

assam

ETV Bharat / state

জিলা পৰিষদ গঠনৰ নামত কংগ্ৰেছৰ বৃহৎ ধনৰ লেনদেনঃ অভিযোগ কৰিমগঞ্জ বিজেপিৰ - কৰিমগঞ্জৰ জিলা পৰিষদ

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ অডিঅ' ভাইৰেল হোৱাক লৈ কৰিমগঞ্জ জিলাত চাঞ্চল্য | জিলা পৰিষদ গঠনৰ নামত কংগ্ৰেছে 50 লাখ টকাৰ লেনদেনত লিপ্ত হোৱাৰ অভিযোগ কৰিমগঞ্জ জিলা বিজেপিৰ ৷

জিলা পৰিষদ গঠনৰ নামত লক্ষাধিক টকাৰ লেনদেনত লিপ্ত হৈছে কংগ্ৰেছ!

By

Published : Nov 4, 2019, 6:21 PM IST

কৰিমগঞ্জ,4 নৱেম্বৰঃ কৰিমগঞ্জৰ জিলা পৰিষদ গঠনৰ বাবে কংগ্ৰেছে লক্ষাধিক ধনৰ লেনদেনত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ কৰিমগঞ্জ জিলা সমিতিয়ে ৷ ইতিমধ্যে উক্ত ঘটনা সংক্ৰান্তত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা সংসদীয় সচিব ছিদ্দিক আহমেদৰ অডিঅ' ভাইৰেল হোৱাক কেন্দ্ৰ জিলাখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যই ঘটনাত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,"নিৰ্বাচনত কিনা-বেচা কৰাটো কংগ্ৰেছৰ এক কালচা্ৰ ৷ কিন্তু ইমানবোৰ লেনদেন কৰাৰ পাছতো দলটো জয়ী হ'ব পৰা নাই ৷" আনহাতে জিলা পৰিষদ গঠনৰ নামত কংগ্ৰেছৰ ছিদ্দিক আহমেদ আৰু কমলাক্ষ দে পুৰকায়স্থৰ দৰে শীৰ্ষনেতা লেনদেনত লিপ্ত হোৱাটো জিলাখনৰ বাবে লজ্জাজনক বুলি অভিহিত কৰে বিজেপিৰ জিলা সভাপতিগৰাকীয়ে ৷

জিলা পৰিষদ গঠনৰ নামত লক্ষাধিক টকাৰ লেনদেনত লিপ্ত হৈছে কংগ্ৰেছ!

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাইৰেল হোৱা অডিঅ'ত কৰিমগঞ্জ জিলাৰ খালী হৈ থকা জিলা পৰিষদখন গঠনৰ বাবে 50 লাখ টকাৰ লেনদেন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিৰ কৰিমগঞ্জ জিলা সমিতিয়ে ৷ নিলামবজাৰ জিলা পৰিষদৰ সদস্যা আফৰোজ পাৰভিনক জিলা পৰিষদৰ সভাপতি হিচাপে মনোনীত কৰাৰ বাবে 50 লাখ টকাৰ বুজাবুজি হোৱা বুলি উল্লেখ কৰে বিজেপিৰ জিলা সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে, যোৱা অক্টোবৰ মাহত টছৰ মাধ্যমেৰে গঠন কৰা হৈছিল কংগ্ৰেছৰ জিলা পৰিষদ ৷ কিন্তু প্ৰক্ৰিয়াত আসোঁৱাহ থকা বুলি ধৰা পৰাত উচ্চ ন্যায়ালয়ে বৰ্তমানৰ জিলা পৰিষদ সমিতিখন বাতিল কৰি পুনৰগঠনৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰেই পৰিপ্ৰেক্ষিতত অহা 7 নৱেম্বৰত গঠিত হ'ব কৰিমগঞ্জ জিলা পৰিষদ ৷

আৰু পঢ়ক"পথাৰ শিল্পী" লোহিত গগৈয়ে কি কৰিছে দোকানে দোকানে ?

ABOUT THE AUTHOR

...view details