কৰিমগঞ্জ,15 ফেব্ৰুৱাৰী:কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনীৰ অন্যতম এখন আঁচনী হৈছে অটল অমৃত যোজনা৷ এই আঁচনীৰ জৰিয়তে দৰিদ্ৰ, সৰ্বশ্ৰান্ত লোকসকলক ছয়টা মাৰাত্মক ৰোগৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে৷ হৃদজনিত ৰোগ (Cardiovascular diseases), কৰ্কট (Cancer), বৃক্ক (Kidney diseases),স্নায়ু ৰোগ (Neurological conditions), নৱজাতক ৰোগ (Neonatal diseases) আৰু জুইয়ে পুৰা (Burns) এই ছয়টা ৰোগৰ ৰোগীয়ে এই আঁচনী জৰিয়তে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে ৷
কৰিমগঞ্জ জিলাত উপলব্ধ নাই অটল অমৃত আঁচনীৰ সুবিধা - কৰিমগঞ্জ জিলাত উপলব্ধ নাই অটল অমৃত আঁচনীৰ সুবিধা
কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া চিকিৎসা সেৱাৰ জৰিয়তে দেশৰ দুখীয়া, সম্বলহীন লোকসকলক উপকৃত কৰাৰ বাবে গ্ৰহণ কৰা অটল অভিযান আঁচনিখন সম্পূৰ্ণ ৰূপে বিফল কৰিমগঞ্জ জিলাত ৷ কৰিমগঞ্জ জিলাৰ কোনো হাস্পাতালত উপলব্ধ নহয় এই আঁচনীৰ সুবিধা ৷

অটল অমৃত যোজনা সন্দৰ্ভত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মুখ্য পৰিচালক অপূৰ্ব দাসে জনাই যে, বৰ্তমানলৈ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত অটল অমৃট অভিযানে সামৰি লোৱা ৰোগ কেইটাৰ চিকিৎসাৰ সুবিধা উপলব্ধ হোৱা নাই৷ তদুপৰি জনাই যে কৰিমগঞ্জৰ বেচৰকাৰী কোনো হাস্পাতালতো উপলব্ধ নাই এই সেৱাৰ সুবিধা ৷ এতিয়ালৈকে শিলচৰ আৰু গুৱাহাটীৰ লগতে বহি ৰাজ্যত গৈ এই সুবিধা লাভ কৰিছে কৰিমগঞ্জ জিলাৰ মুঠ 164জন হিতাধিকাৰীয়ে আৰু বৰ্তমান লৈকে জিলাখনৰ প্ৰায় 70 শতাংশ লোকে এই কাৰ্ড লাভ কৰিছে বুলি জানিব দিয়ে মুখ্য পৰিচালক অপূৰ্ব দাসে ৷
লগতে পঢ়ক:কৰিমগঞ্জত ভেলেন্টাইন ডে ক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি