কৰিমগঞ্জ,7 মাৰ্চ: পাথাৰকান্দিত অঘটন । লংগাই চাহ বাগিচাত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন লোকৰ । চাহ বাগিচাৰ এটা পুখুৰীত পৰি মৃত্যু হয় বিৰমল ফুলমালী (50) নামৰ এজন লোকৰ । জানিব পৰা মতে, পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত লংগাই চাহ বাগিচাৰ এটা পুখুৰীত গা ধুবলৈ গৈছিল বাগিচাৰ 3/4 জন লোক । কিন্তু ইয়াৰে বিৰমল ফুলমালী নামৰ ব্যক্তিজন গা ধুবলৈ গৈ ভৰি পিছল খাই পুখুৰীৰ গভীৰতাত সোমাই পৰে ।
কৰিমগঞ্জত পানীত পৰি মৃত্যু এজনৰ - পাথাৰকান্দিত অঘটন
লংগাই চাহ বাগিচাত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন লোকৰ ৷ অঞ্চলটোত শোকৰ ছা ৷
karimganj-dead
একেলগে গা ধুবলৈ যোৱা লোক কেইজনে ব্যক্তিকেইজনক উদ্ধাৰৰ চেষ্টা কৰে যদিও বিফল হয় । উপায়হীন লোককেইজনে আৰক্ষী থানাত খবৰ দিয়ে । আৰক্ষী আৰু SDRF ৰ ঘটনাস্থলীত উপস্থিত হৈ সন্ধিয়া পুখুৰীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো । উল্লেখযোগ্য যে, উক্ত পুখুৰীত বিসৰ্জন দিয়া হয় অঞ্চলটোৰ দেৱ-দেৱীৰ মূৰ্তি ।
লগতে পঢ়কঃচিলাপথাৰত নিৰুদ্দেশ মাতৃ-কন্যা