অসম

assam

ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৰায়দান আদালতৰ - আদালত

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে 2015 চনত ৰেজাউল কৰিম নামৰ এগৰাকী যুৱকক উগ্ৰপন্থী আখ্যা দি সংবাদ মাধ্যমৰ আগত মন্তব্য দিছিল ৷

Karimganj court gives verdict against former minister Siddiqui Ahmed
প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৰায়দান আদালতৰ

By

Published : Jul 10, 2020, 2:07 PM IST

কৰিমগঞ্জ, 10 জুলাই : তথ্য প্ৰমাণ অবিহনে এগৰাকী যুৱকক উগ্ৰপন্থী আখ্যা দিয়াৰ বাবে পুনৰ আদালতৰ ৰোষত পৰিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ । কৰিমগঞ্জ আদালতে ছিদ্দিক আহমেদৰ বিৰুদ্ধে 15,000 টকাৰ জৰিমনা আৰোপ কৰে । জৰিমনাৰ ধন নিদিলে দুই মাহৰ কাৰাবাসৰ নিৰ্দেশ দিয়ে আদালতে ৷

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৰায়দান আদালতৰ

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে 2015 চনত ৰেজাউল কৰিম নামৰ এগৰাকী যুৱকক উগ্ৰপন্থী আখ্যা দি সংবাদ মাধ্যমৰ আগত মন্তব্য দিছিল ৷ যুৱকজনে ইয়াৰ বিৰুদ্ধে ছিদ্দিক আহমেদৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতত গোচৰ ৰুজু কৰিছিল । গোচৰৰ ভিত্তিত আদালতে ছিদ্দিক আহমেদৰ বিৰুদ্ধে জৰিমনা জাৰি কৰিছে । আহমেদে অহা 3 আগষ্টৰ ভিতৰত ভৰিব লাগিব জৰিমনাৰ ধন ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ ক'ৰণাত মৃত্যু চাৰি গৰাকীৰ

ABOUT THE AUTHOR

...view details