কৰিমগঞ্জ, 15 নৱেম্বৰ: কৰিমগঞ্জৰ জিলাৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বাইক চালকৰ দৌৰাত্ম ৷ শুকুৰবাৰে নিশা কৰিমগঞ্জ চহৰৰ বজেন্দ্ৰ নগৰ এলেকাৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড বাইক চালকে সংঘটিত কৰে এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইকে এজন পথচাৰীক মহতিয়াই ট্ৰাকৰ তলত সোমাই পৰে ৷ দুৰ্ঘটনাটোত মনু ৰৱ নামৰ পথচাৰীজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে বাইকৰ চালক আৰু আৰোহীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ কিন্তু চিকিৎসালয়তে দুয়োকে মৃত ঘোষণা কৰে ৷ ইফালে দুৰ্ঘটনাটোৰ পাছত ঘটনাস্থলীত কিছুসময়লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাছত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে ৷ উল্লেখযোগ্য যে, দুৰ্ঘটনাত নিহত হোৱা পালচাৰ খনৰ চালক আৰু আৰোহীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই ৷
কৰিমগঞ্জত পথ দুৰ্ঘটনাঃ থিতাতে নিহত তিনি
এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইকে এজন পথচাৰীক মহতিয়াই ট্ৰাকৰ তলত সোমাই পৰে ৷ দুৰ্ঘটনাটোত মনু ৰৱ নামৰ পথচাৰীজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে বাইকৰ চালক আৰু আৰোহীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ কিন্তু চিকিৎসালয়তে দুয়োকে মৃত ঘোষণা কৰে ৷
কৰিমগঞ্জত উদণ্ড বাইকচালকৰ আতংক: পালচাৰৰ সংঘৰ্ষত থিতাতে নিহত তিনি