কৰিমগঞ্জ,16 ডিচেম্বৰ:শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ চৰকাৰৰ কাৰ্যকালত উন্নয়নমূলক আঁচনিৰ নামত চলিছে এটাৰ পিছত এটা দুৰ্নীতি। এইবাৰ পথ নথকাৰ বাবে স্বামীহাৰা এজন মহিলাই নিজৰ কন্যাক বিয়া দিবলৈ অক্ষম হৈছে। আচৰিত যদিও এয়াই সত্য। পথৰ দুৰৱস্থাৰ বাবে এইবাৰ নিজ কইনা সন্তানক লৈ বিপাঙত পৰিছে কৰিমগঞ্জৰ বিজয়পুৰ গাঁৱৰ এগৰাকী মহিলা। এবাৰ নহয় বিধস্ত পথৰ বাবে দুবাৰ কৈ ভাঙিছে মহিলাগৰাকীৰ কন্যাৰ বিবাহ।
2017-18 বৰ্ষত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ বিজয়পুৰ আনিপুৰ-জামুয়াং এনইছি ৰাস্তাটো নিৰ্মাণত আৰ্থিক আবন্টন দিয়া হৈছিল 3,69,83,6400 টকা৷ লগতে পাঁচ বছৰৰ কাৰণে আবন্টন দিয়া হয় 30,26,000,00 ৷ পথটোৰ নিমাৰ্ণৰ বাবে আবন্টন দিয়া হয় সৰ্বমুঠ 4,00,09,640,00 টকা। কিন্তু এতিয়ালৈকে এক টুকুৰা মাটিও পথত দিয়া নাই পথটোৰ নিমাৰ্ণৰ দায়িত্ব লোৱা ঠিকাদাৰ মনচুৰ আহমেদে । এই পথৰ শিলান্যাস কৰিছিল তেতিয়াৰ বিধানসভাৰ উপাধ্যক্ষ তথা বৰ্তমান কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহে । এই বিজয়পুৰ গাঁৱত কেবাহেজাৰ লোক থকাৰ বিপৰীতে এই পথেৰে প্ৰতিদিনেই যাতায়ত কৰিবলগা হয় 5 খন কৈ গাঁওৰ লোকে । নিৰ্বাচন আহিলে ৰাজনৈতিক নেতা সকলে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলেও এটুকুৰা শিলো দিয়া হোৱা নাই এই পথত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে মোকোলাই দিয়া অৰ্থ কাৰ পকেটত সোমাল । যোৱা কিছুদিন পূৰ্বে কৰিমগঞ্জ হাস্পতালৰ নতুন ভৱনৰ উদ্বোধনত আহি ৰাতাবাৰী সমষ্টিৰ পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি হৈছে বুলি ৰাজহুৱা সভাত কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কৈছিল দুৰ্নীতিৰ তদন্তৰ কথাও কিন্তু এতিয়া মৌন হৈ পৰিল গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।