অসম

assam

ETV Bharat / state

কৰিমগঞ্জত 164 জন হিতাধিকাৰীয়েহে লাভ কৰিছে অটল অমৃত যোজনা - অটল অমৃত যোজনা

কৰিমগঞ্জত অটল অমৃত যোজনাৰ দায়িত্ব থকা বিষয়াই সাব্যস্ত কৰিলে অটল অমৃত যোজনা সন্দৰ্ভত কিছু তথ্য ৷ কৰিমগঞ্জত প্ৰায় 70 শতাংশ লোকে এই কাৰ্ড লাভ কৰে বুলি সদৰী কৰে ৷ বিষয়াসকলে ৷

কৰিমগঞ্জ
কৰিমগঞ্জত 164 জন হিতাধিকাৰীয়ে লাভ কৰিছে অটল অমৃত যোজনা

By

Published : Feb 12, 2020, 6:15 PM IST

কৰিমগঞ্জ, 12 ফেব্ৰুৱাৰীঃ বুধবাৰে কৰিমগঞ্জত অটল অমৃত যোজনাৰ দায়িত্ব থকা বিষয়াই জনালে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি অটল অমৃত যোজনাৰ সন্দৰ্ভত কিছু তথ্য ৷ এই বিশেষ আঁচনিখনৰ জৰিয়তে জিলাখনৰ অটল অমৃত যোজনাৰ কাৰ্ড লাভ কৰা কিমান লোক লাভাম্বিত হৈছে সেই তথ্য দাঙি ধৰে বিষয়াসকলে ৷ বৰ্তমানলৈকে কৰিমগঞ্জৰ কোনো বেচৰকাৰী হাস্পতালত উপলব্ধ হোৱা নাই বুলি সদৰী কৰে অটল অমৃত যোজনাৰ বিষয়াসকলে ৷ আনহাতে,কৰিমগঞ্জত প্ৰায় 70 শতাংশ লোকে এই কাৰ্ড লাভ কৰে বুলি সদৰী কৰে ৷ তাৰোপৰি এতিয়ালৈকে শিলচৰ আৰু গুৱাহাটীৰ লগতে বহিঃৰাজ্যলৈ গৈ এই সুবিধা 164 জন হিতাধিকাৰীয়ে লাভ কৰিছে বুলি মন্তব্য কৰে বিষয়াসকলে ৷

কৰিমগঞ্জত 164 জন হিতাধিকাৰীয়ে লাভ কৰিছে অটল অমৃত যোজনা

উল্লেখ্য যে,কৰিমগঞ্জৰ শশীনগৰ এলেকাৰ সুদীপ দাসে জনায়,তেওঁৰ মাতৃ সবিতা ৰাণী দাস ৰ্দীৰ্ঘদিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত ৷ সংকটজনক অৱস্থাত বিতা ৰাণী দাসে অটল অমৃত কাৰ্ডৰ জৰিয়তে শিলচৰ কেন্সাৰ হাস্পতালত বিনামূলীয়াকৈ সেৱা লাভ কৰিছে ৷

কৰিমগঞ্জত 164 জন হিতাধিকাৰীয়ে লাভ কৰিছে অটল অমৃত যোজনা

আৰু পঢ়কঃ পুনৰ বৃদ্ধি হ’ল ৰাজ্যসাহায্য বিহীন চিলিণ্ডাৰৰ দাম

ABOUT THE AUTHOR

...view details