অসম

assam

কৰিমগঞ্জত লুম্প্ৰী স্কিন ডিজিজ ৰোগত আক্ৰান্ত পশুধন

By

Published : Jun 22, 2020, 12:25 PM IST

কৰিমগঞ্জত পোহনীয়া জীৱ-জন্তু আক্ৰান্ত হৈছে লুম্প্ৰী স্কিন ডিজিজ নামৰ এত আফ্ৰিকান ফ্লুত ৷ অঞ্চলবাসীয়ে ইয়াক গুটি বসন্ত বুলি চিনাক্ত কৰিছে ৷ বৰ্তমানলৈকে ওলোৱা নাই ইয়াৰ কোনো ভেকচিন ৷ পশু পালন বিভাগেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

karimganj_animal_lumpi_screen_dijij
কৰিমগঞ্জত পোহনীয়া জীৱ-জন্তু আক্ৰান্ত লুম্প্ৰী স্কিন ডিজিজ ৰোগত

কৰিমগঞ্জ,22জুন: দেশ তথা ৰাজ্যত ক'ৰণা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি থকাৰ মাজতেই কৰিমগঞ্জ জিলাত পোহনীয়া জীৱ জন্তু আক্ৰান্ত হৈছে এবিধ বিশেষ ৰোগত । সহস্ৰাধিক গৰু,ম'হ এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ইতিমধ্যেই বহু গৰু,ম'হৰ মৃত্যুৰ খবৰ পোৱা গৈছে । স্থানীয় লোকে এই ৰোগৰ নাম গুটি বসন্ত বুলি চিনাক্ত কৰিছে ৷ কিন্তু প্ৰকৃতাৰ্থত এই ৰোগৰ নাম হৈছে লুম্প্ৰী স্কিন ডিজিজ (LUMPY SKIN DISEASE) আৰু এইয়া হৈছে আফ্ৰিকান ফ্লু ।

কৰিমগঞ্জত পোহনীয়া জীৱ-জন্তু আক্ৰান্ত লুম্প্ৰী স্কিন ডিজিজ ৰোগত

অন্য এক খবৰৰ বাবে: বাঘজানত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান

বৰ্তমান প্ৰতিটো ঘৰৰ গোহালিত অসুস্থ অৱস্থাত আছে পোহনীয়া গৰু,ম'হ, ছাগলী আদি । বিগত প্ৰায় দুই সপ্তাহৰ পৰা এই ৰোগৰ প্ৰাদুৰ্ভাৱ কৰিমগঞ্জ জিলাৰ সৰ্বত্ৰে পৰিলক্ষিত হৈছে । সম্প্ৰতি এই ৰোগে একপ্ৰকাৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ।এই ৰোগৰ লক্ষণ সমূহ হৈছে প্ৰথমতে গৰু বা ম'হৰ গাত গুটি উঠা,প্ৰচণ্ড জ্বৰ,চকুৰ পৰা পানী ওলোৱা,আনকি পশুৰ শৰীৰৰ বিভিন্ন অংশ ঘা হোৱা পৰিলক্ষিত হয় ৷ এটা সময়ত পোহনীয়া জীৱ জন্তুয়ে খাব নোৱাৰা হৈ যায় খাদ্য। ইপিনে এই ৰোগৰ ভেকছিন বৰ্তমানলৈকে ওলোৱা নাই বুলি জানিব পৰা গৈছে । এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আজিলৈকে পশু পালন বিভাগে লোৱা নাই কোনো বিশেষ পদক্ষেপ । যাৰ ফলত পশুপালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details