কৰিমগঞ্জ, 6 নৱেম্বৰ :মুম্বাই আৰক্ষীয়ে 'ৰিপাব্লিক টিভি'ৰ মুখ্য় সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰতিবাদ সাব্য়স্ত কৰিছে ৰাজ্যৰ একাংশ দল-সংগঠনে। কৰিমগঞ্জতো অসম সন্তানগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । ৰাজপথতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে এবিভিপিৰ কৰ্মকৰ্তাসকলে দাহ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্রতিকৃতিও ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীক অতি সোনকালে বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত কৰিমগঞ্জত এবিভিপিৰ প্রতিবাদ
মুম্বাই আৰক্ষীয়ে 'ৰিপাব্লিক টিভি'ৰ মুখ্য় সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰতিবাদ সাব্য়স্ত কৰিছে দেশৰ লগতে ৰাজ্যৰ অসখ্য দল-সংগঠনে। কৰিমগঞ্জতো অসম সন্তানগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ।
অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত কৰিমগঞ্জত এবিভিপিৰ প্রতিবাদ
লগতে পঢ়ক : দিবন ডেকাৰ জামিন আবেদন খাৰিজ ন্যায়ালয়ৰ