কৰিমগঞ্জ,19 এপ্ৰিল: সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ভিন্ন স্থানত কেইবাটাও সৰু-বৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কৰিমগঞ্জৰ নিৰ্বাচনৰ পিছতে ৰাতাবাৰী সমষ্টিৰ এটা ভোটকেন্দ্ৰত বিজেপি বিধায়কৰ বাহনত উদ্ধাৰ হৈছিল ইভিএম মেচিন ৷ ইয়াৰ পিছতে জিলাখনত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ সেয়ে উক্ত ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে নিৰ্বাচন আয়োগে ৷
কৰিমগঞ্জত নিৰ্বাচনী বিষয়া কৰ’ণাত আক্ৰান্ত - ইভিএম
কৰিমগঞ্জৰ এটা ভোটকেন্দ্ৰৰ নিৰ্বাচনৰ বাবে অহা পৰিদৰ্শক আক্ৰান্ত হৈছে কৰ’ণাত ৷ পৰিদৰ্শকজন উত্তৰ প্ৰদেশৰ ৰাজীৱ শৰ্মা ৷
কৰিমগঞ্জত নিৰ্বাচনৰ বাবে অহা পৰিদৰ্শক কৰ’ণাত আক্ৰান্ত
উল্লেখযোগ্য যে, 20 এপ্ৰিলত উক্ত কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ নিৰ্বাচন হ’বলগীয়া কেন্দ্ৰটোৰ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল উত্তৰ প্ৰদেশৰ ৰাজীৱ শৰ্মাই ৷ শৰ্মাই দায়িত্ব পালনৰ অৰ্থে কৰিমগঞ্জত উপস্থিত হৈ ৰেপিড এণ্টিজেন টেষ্ট কৰাত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ বৰ্তমানে ৰাজীৱ শৰ্মাক কৰিমগঞ্জৰ আৱৰ্ত ভৱনৰ এটি কোঠাত আইচ’লেছন কৰি ৰখা হৈছে ৷
লগতে পঢ়ক :শিৱসাগৰত একেদিনাই কৰ’ণাত আক্ৰান্ত ২৯ গৰাকী