অসম

assam

ETV Bharat / state

Assam Govt Recruitment : নিযুক্তি পৰীক্ষাত বৰাকৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ কমলাক্ষৰ - Assam Direct Recruitment 2022

তেওঁৰ অভিযোগ, শাসকীয় দলৰ নেতা-জনপ্ৰতিনিধিয়ে ব্যক্তিগত লাভৰ বাবে উপত্যকাটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ জীৱন ধ্বংস কৰি আছে । বৰাক উপত্যকাৰ পৰা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী (Recruitment in Barak Valley) বাছনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যদিও বাস্তৱত ইয়াৰ কোনো মিল নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

Kamalakshya
Kamalakshya

By

Published : Oct 21, 2022, 1:39 PM IST

Updated : Oct 21, 2022, 2:29 PM IST

কৰিমগঞ্জ, ২১ অক্টোবৰ :বিজেপি প্ৰতাৰকৰ দল আৰু বঙালী জাতিক সম্পূৰ্ণভাৱে নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে । বৰাক উপত্যকাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া (Assam Govt recruitment) সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই (Kamalakshya Dey Purkayastha on appointment) ।

Assam Govt Recruitment : নিযুক্তি পৰীক্ষাত বৰাকৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ কমলাক্ষৰ

তেওঁৰ অভিযোগ, শাসকীয় দলৰ নেতা-জনপ্ৰতিনিধিয়ে ব্যক্তিগত লাভৰ বাবে উপত্যকাটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ জীৱন ধ্বংস কৰি আছে । চৰকাৰী চাকৰিৰ নামত প্ৰথম ফলাফলত দেখা পোৱা ছবিখনত বঞ্চনাৰ বীজ ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে । বৰাক উপত্যকাৰ পৰা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী (Recruitment in Barak Valley) বাছনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যদিও বাস্তৱত ইয়াৰ কোনো মিল নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

আনহাতে, বিধায়ক কমলাক্ষ দে পুৰকায়স্থই নিজৰ মতামত ব্যক্ত কৰি কয় যে ১৯৬১ ৰ ভাষা আন্দোলনৰ সময়ত কংগ্ৰেছ চৰকাৰ ৰাজ্যত থকাৰ সময়ত বৰাকৰ স্বাৰ্থত কংগ্ৰেছীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আন্দোলন কৰিছিল । একেদৰে শাসকীয় দলৰ নেতাসকলক বৰাকৰ উন্নয়নৰ বৈষম্যৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে শাসকীয় দলৰ নেতাসকল আগবাঢ়ি আহিলে তেওঁলোকৰ নেতৃত্বত আন্দোলন গঢঞি তুলিব । বৰাকৰ বিকাশৰ বাবে, বৰাকৰ নিবনুৱা সমস্যা দূৰ কৰিবলৈ আৰু বৰাকৰ বিৰুদ্ধে বৈষম্যৰ বাবে এই আন্দোলন কৰিব বুলিও তেওঁ কয় । লগতে তেওঁ সকীয়াই দিয়ে যে অহা ১১ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ'বলগা কেবিনেট বৈঠকৰ সময়ত তেওঁলোকৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰি ৰাখিছে । সেয়ে বৰাকৰ বিধায়ক আৰু কংগ্ৰেছ কৰ্মী তথা সমৰ্থক সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰো ইংগিত প্ৰদান কৰে ।

উল্লেখ্য, মঙলবাৰে ঘোষণা কৰা হয় অসম চৰকাৰৰ কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)। মঙলবাৰে ছেবাৰ ৱেবছাইটত উপলব্ধ হয় লিখিত পৰীক্ষাৰ ফলাফল । চতুৰ্থ বৰ্গৰ ১৩ হাজাৰ ৩৪১ টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । ৪ লাখ ৪৩ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ।

২৬ হাজাৰ ৬৮২ জনে উত্তীৰ্ণ হৈছে পৰীক্ষাত । এটা পদৰ বিপৰীতে ২ জনকৈ উত্তীৰ্ণ হৈছে পৰীক্ষাত । এই পৰীক্ষা অনুষ্ঠিত কৰিছিল ছেবাই (Assam Direct Recruitment 2022) । SEBAৰ ৱেবছোইট www.sebaonline.org ত উপলব্ধ হয় ফলাফল । উল্লেখ্য যে যোৱা ২১ আগষ্টত ৰাজ্যৰ ২৪ খন জিলাত কেইবাটাও বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা । ২১ আগষ্টত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ (কাকত-১) আৰু বিয়লি দুই বজাৰ পৰা ৪ বজালৈ অষ্টম শ্ৰেণীলৈকে পঢ়া প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকাত-২) অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :Pathetic condition of Health Department: অনুন্নত স্বাস্থ্যসেৱাই গৰ্ভতেৰ্ভ প্ৰাণ ললে ৪৯ টি শিশুৰ

Last Updated : Oct 21, 2022, 2:29 PM IST

ABOUT THE AUTHOR

...view details