অসম

assam

By

Published : Dec 25, 2020, 10:54 PM IST

ETV Bharat / state

21ৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ প্ৰস্তুত ৰাইজ : কমলাক্ষ দে পুৰকায়স্থ

ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকবাৰ নিৰ্বাচনৰ পূৰ্বে কিছুমান নতুন কথাৰ সৃষ্টি কৰে বুলি মন্তব্য কৰি হিমন্তই কৰা সভ্যতা সংস্কৃতিৰ মন্তব্যক কটাক্ষ কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

kamalakkha dey says on bjp meeting
21ৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ প্ৰস্তুত ৰাইজঃ কমলাক্ষ দে পুৰকায়স্থ

কৰিমগঞ্জ, 25 ডিচেম্বৰ : কৰিমগঞ্জত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যোৱাৰ পাছতে মুখ খুলিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উলোটাকৈ দলীয় পতাকা উত্তোলন হোৱা প্ৰসংগক টানি আনি বিজেপিয়ে কৰিমগঞ্জৰ পৰাই আগন্তুক নিৰ্বাচনত পদুম ফুলিব বুলি কোৱা কথাক কটাক্ষ কৰে ৷

21ৰ নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ প্ৰস্তুত ৰাইজঃ কমলাক্ষ দে পুৰকায়স্থ

লগতে বিধায়কগৰাকীয়ে নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকবাৰ নিৰ্বাচনৰ পূৰ্বে কিছুমান নতুন কথাৰ সৃষ্টি কৰে বুলি মন্তব্য কৰি হিমন্তই কৰা সভ্যতা সংস্কৃতিৰ মন্তব্যক কটাক্ষ কৰে ৷ প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে কৰা এই মন্তব্যসমূহ নিৰ্বাচনৰ পাছত দলটোৱে পাহৰি যায় বুলি প্ৰতিক্ৰিয়া আগবঢ়ায় বিধায়কগৰাকীয়ে ৷ আগন্তুক নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ ৰাইজ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে বুলিও মন্তব্য কৰে কমলাক্ষ দে পুৰকায়স্থই ৷

লগতে পঢ়ক : কি চাহ খায় আপুনি? চেলেকা চাহ, বান বাতি চাহ নে ভোট জলকীয়া চাহ ?

ABOUT THE AUTHOR

...view details