অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ - allegation against health minister himanta biswa sharma

বৰাকভেলিত স্বাস্থ্য বিভাগৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে ১০৮ সেৱা আৰু ভেন্টিলেটৰৰ ব্যৱস্থা নাই বুলি অভিযোগ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ । বিগত সাত দিনত ২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু বৰাকত পৰিকল্পিতভাবে মানুহ মৰা হৈছে বুলি মন্তব্য বিস্ফোৰক পুৰকায়স্থৰ ।

kamalakhiya dey purukaystha's big allegation against health minister himanta biswa sharma
হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

By

Published : Aug 21, 2020, 7:46 AM IST

কৰিমগঞ্জ, 21আগষ্টঃবৃহস্পতিবাৰেবিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী ৷ কংগ্ৰেছৰ বিধায়ক পুৰুকায়স্থই মন্তব্য় কৰে যে, ১৫ আগষ্টৰ পূৰ্ৱে কৰ’ণাৰ ভেকচিন ওলাব বুলি হিমন্তই কৈছিল । ক’ভিডৰ গ্ৰাফ ডাল কমিব বুলি কৈছিল, কিন্তু দিনে দিনে বাঢ়িহে আহিছে ৷

হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী কমলাক্ষ দে’ পুৰকায়স্থৰ

ইপিনে কৰ’ণাক লৈ কিছুমানে মুনাফা লাভত উঠি পৰি লাগিছে বুলিও উল্লেখ কৰি পুৰকায়স্থই কয় যে, তাৰ মাজত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছে । বৰাকভেলিত স্বাস্থ্য বিভাগৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে ১০৮ সেৱা, ভেন্টিলেটৰ ব্যৱস্থা নাই বুলিও অভিযোগ কৰে বিধায়ক গৰাকীয়ে । বিগত সাত দিনত ২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু বৰাকত পৰিকল্পিতভাবে মানুহ মৰা হৈছে বুলি মন্তব্য পুৰকায়স্থৰ । লগতে তেওঁ কয় যে, ইয়াৰ বাবে স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰী দায়ী । অসমত ICMR ৰ গাইডলাইন নমনাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইফালে অসম চুক্তিৰ প্ৰসংগও উত্থাপন কৰি বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, অকল ৬ নং দফাই নহয়, অসম চুক্তি মানিলে অসম চুক্তিৰ প্ৰত্যেকটো দফাই মানিব লাগিব । ৬ নং দফাৰ প্ৰতিবেদনৰ গোটেই ৰিপৰ্টতে খেলিমেলি আছে বুলিও মত প্ৰকাশ কৰে পুৰুকায়স্থই ৷

লগতে পঢ়কঃদেশ প্ৰতিৰক্ষাত নিয়োজিত এখন গাঁও...

ABOUT THE AUTHOR

...view details