অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষত নিহত এজন

অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী চুড়াইবাড়িত মাছমৰাক কেন্দ্ৰ কৰি সংঘটিত হোৱা পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষত নিহত এজন ৷ নিহত লোকজন নুৰুল হক বুলি জানিব পৰা গৈছে ৷

By

Published : Sep 1, 2020, 12:50 PM IST

Kaimganj family fight, 1 death 4 injured
কৰিমগঞ্জত পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষত নিহত এজন

কৰিমগঞ্জ, 1 ছেপ্তেম্বৰঃ মাছ মৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পাৰিবাৰিক সংঘৰ্ষৰ ফলত এজন নিহত হোৱাৰ লগতে আহত চাৰিজনকৈ লোক ৷ ঘটনা অনুসৰি, অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী চুড়াইবাড়ি আৰক্ষী চকীৰ অন্তৰ্গত পূৱ ফুলবাৰী গাঁৱৰ আব্দুল নুৰৰ চৈধ্যবছৰীয়া পুত্ৰ সুজেল হোসেনে নিজৰ ঘৰৰ ওচৰৰ মাটিত মাছ মাৰিবলৈ যায় ৷ সেই সময়তেই প্ৰতিৱেশী মজিৰ উদ্দিনে কিশোৰজনক মাছ মাৰিবলৈ বাধা প্ৰদান কৰে আৰু মাৰপিট কৰে ৷ ইয়াৰ পিছতেই আব্দুল নুৰৰ বাসগৃহত উপস্থিত হৈ তেখেত আৰু তেখেতৰ পত্নী শুকুৰজান বিবিক আক্ৰমণ চলায় মজিৰ উদ্দিনে ৷ ফলত দুয়োটা পৰিয়ালৰ মাজত সৃষ্টি হয় সংঘৰ্ষ ৷ সংঘৰ্ষতত গুৰুতৰভাৱে আহত হয় আব্দুল নুৰ, ৰেশমা বেগম, নুৰুল হক, সুজেল হোসেন আৰু শুকুৰজান বিবি ৷

কৰিমগঞ্জত পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষত নিহত এজন

আনহাতে, আক্ৰমণকাৰী মজিৰ উদ্দিনৰ পৰিয়ালৰো দুজন লোক আহত হয় ৷ ঘটনা সন্দৰ্ভত চুড়াইবাড়ি আৰক্ষী চকীত খবৰ দিয়া হয় ৷ আৰক্ষীৰ বাহনতে আহত আটাইকেইগৰাকীকে প্ৰথমে কদমতলা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক আগৰতলা জিবি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বাটতে মৃত্যু হয় নুৰুল হকৰ ৷ ঘটনাৰ খবৰ লাভ কৰি ফুলবাৰী পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা বেগম উপস্থিত হৈ বিপৰীত মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক-আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা

ABOUT THE AUTHOR

...view details