কৰিমগঞ্জ, 11 জুন :টেট(TET) সন্দৰ্ভত ডাঃ ৰণোজ পেগুৱে আগবঢ়োৱা এক মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ টেট উৰ্ত্তীৰ্ণ শিক্ষক(TET Pass teacher) সকলৰ চাকৰি সন্দৰ্ভত মন্ত্ৰী গৰাকীয় কয় যে, টেট পৰীক্ষা উত্তীৰ্ণ হ'লেই চাকৰি দিয়া হ'ব বুলি কোনো নিশ্চয়তা নাই ৷ টেট শিক্ষকক স্থায়ীকৰণ কৰা হ'ব বুলি তাৰো নিশ্চয়তা নাই ৷ খালি পদ পূৰণৰ বাবে মিছন একলাখ চাকৰি দিবলৈ ইতিমধ্যে চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে ৷
ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে বৰাকত উপস্থিত হয় ৷ ইতিমধ্যে কাছাৰ আৰু হাইলাকান্দি জিলাৰ কাৰ্যসূচী সামৰি শুকুৰবাৰে কৰিমগঞ্জত উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু । বিভিন্ন শিক্ষানুষ্ঠানৰ পৰিস্থিতিৰ বুজ লৈ কৰিমগঞ্জ পলিটেকনিকেল কলেজত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ নতুনকৈ স্থাপিত হোৱা কলেজখনৰ কেইবাটাও অসুবিধাৰ বুজ লোৱাৰ পিছতে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷