অসম

assam

ETV Bharat / state

কৰিমগঞ্জত বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই - অসম চৰকাৰৰ পৰ্যটন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ ইফালে বানাক্ৰান্ত সকলৰ বিভিন্ন সমস্যাৰ কথা বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে কৰিমগঞ্জত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah visits Karimganj flood affected area) ৷

Jayanta Malla Baruah visits flood affected area of Karimganj
কৰিমগঞ্জত বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

By

Published : Jun 29, 2022, 10:36 PM IST

কৰিমগঞ্জ, 29 জুন :চলিত বছৰটোত কেইবাটাও প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে অসম । দুটাকৈ বানত একপ্ৰকাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাই ক্ষতিগ্ৰস্ত হৈছে । এতিয়াও বিভিন্ন জিলাত বানৰ পৰা মুক্ত হ'ব পৰা নাই ৰাইজ (Flood situation in Assam)। হাজাৰ হাজাৰ লোক এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে ।

কৰিমগঞ্জত বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

ইয়াৰ মাজতে বানাক্ৰান্ত সকলৰ খবৰ ল'বলৈ প্ৰায় প্ৰতিদিনে বিভিন্ন জিলালৈ গৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visits flood affected area)। বানাক্ৰান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ নিজে যোৱাৰ লগতে অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীক বিভিন্ন জিলালৈ গৈ বানাক্ৰান্তৰ খবৰ ল'বলৈ নিৰ্দেশ দিছে ।

কৰিমগঞ্জত বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কৰিমগঞ্জত উপস্থিত হয় অসম চৰকাৰৰ পৰ্যটন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah visits flood affected area of Karimganj)৷ ইফালে, কৰিমগঞ্জত উপস্থিত হৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ৯ জুলাইৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জৰ জিলা প্ৰশাসক মৃদুল যাদৱক বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ এখন তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

ইতিমধ্যে কৰিমগঞ্জ জিলাত সৰ্বমুঠ ৫৩৫ খন গাঁৱৰ ৰাইজ বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে । ইফালে, বানৰ কৱলত পৰা লোকসকলক সঠিক পৰিমাণে খাদ্য সামগ্ৰীৰ লগতে অন্য সা-সুবিধা প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক :কামপুৰত বান শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ABOUT THE AUTHOR

...view details