উপ-নিৰ্বাচনৰ বাবে চি পি আই (এম) ৰ প্ৰাৰ্থী ঘোষণা
জনীয়া আৰু ৰঙাপাৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চি পি আই (এম) ৰ প্ৰাৰ্থী ঘোষণা । জনীয়াত নিৰ্বাচনী কমিটি গঠন ।
জনীয়া,26ছেপ্টেম্বৰঃ অসমৰ চাৰিখনকৈ বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ ৰাজনৈতিক সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ ইতিমধ্যে সাজু হৈছে চি পি আই এম দল ৷ ইয়াৰ মাজতে জনীয়া আৰু ৰঙাপাৰা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে চি পি আই এমে । জনীয়াত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সৰ্বভাৰতীয় সদস্য ৰুস্তম আলী আৰু ৰঙাপাৰাত চাহ শ্ৰমিক নেতা ৰয়েল সুৰেনক প্ৰাৰ্থী ৰূপে ঘোষণা কৰিছে । বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ কলগাছিয়াত চি পি আই (এম) নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ বাবে আয়োজিত সভাত দলৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে সাংবাদিকৰ আগত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে । উল্লখ্য যে, জনীয়াত চি পি এমৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ অধ্যাপক আবু ছাইদ আহমেদক সভাপতি আৰু আব্দুল আজিজক সম্পাদক হিচাপে লৈ ৪০ জনীয়া এখন পৰিচালনা সমিতিও গঠন কৰা হয় ।