অসম

assam

ETV Bharat / state

অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা - কাৰাবন্দী

এগৰাকী ৰহিঙীয়া মহিলা, বাংলাদেশৰ আশ্ৰয় শিবিৰৰ পৰা ত্ৰিপুৰা হৈ অসমৰ কৰিমগঞ্জত প্ৰৱেশ কৰি কাৰাৰুদ্ধ হৈছিল মহিলাগৰাকী ৷ শুকুৰবাৰে অসম তথা ভাৰতৰ মাটিত এটা সন্তান জন্ম দি এতিয়া চৰ্চাত আছে মহিলা গৰাকী তথা সন্তানটি ৷

jailed-rahingiya-women-gave-birth-to-a-child-in-assam
অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহঙীয়া মহিলা

By

Published : Jul 10, 2021, 4:40 PM IST

কৰিমগঞ্জ , 10 জুলাই :এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলাই জন্ম দিয়া এটা সন্তানক লৈ বিতৰ্কৰ সৃষ্টি হৈছে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী(Indo-Bangladesh border) কৰিমগঞ্জ জিলাত ৷ সাংবিধানিক নিয়ম অনুসৰি, ভাৰতত জন্মগ্ৰহণ কৰা ব্যক্তিৰহে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ আছে ৷ এনেক্ষেত্ৰত ভাৰতত জন্মগ্ৰহণ কৰা কাৰাবন্দী প্ৰসুতি(jailed mother)গৰাকীৰ সন্তানটোৱেও ভাৰতীয় নাগৰিকত্ব(Indian Citizenship) লাভ কৰিব নেকি বুলি সৰ্বসাধাৰণ ৰাইজৰ মাজত চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহঙীয়া মহিলা

উল্লেখযোগ্য যে, ম্যানমাৰৰ পৰা পীড়িত হোৱা ৰহিঙীয়া সকলৰ মাজৰ এগৰাকী মহিলা ৰচিদা বেগমে দীৰ্ঘদিন ধৰি বাংলাদেশৰ কক্স বাজাৰৰ ৰহিঙীয়া কেম্পত আশ্ৰয় লৈ আছিল ৷ পৰৱৰ্তী সময়ত কক্সবাজাৰৰ পৰা ত্ৰিপুৰা হৈ মহিলাগৰাকীয়ে ভাৰতত প্ৰৱেশ কৰিছিল ৷ ত্ৰিপুৰাৰ পৰা অসমৰ কৰিমগঞ্জত প্ৰৱেশ কৰাৰ সময়তে মহিলাগৰাকী অসম আৰক্ষীৰ হাতত ধৰা পৰিছিল ৷ আৰক্ষীৰ হাতত ধৰা পৰাৰ সময়ত ইতিমধ্যেই তিনিটাকৈ সন্তানৰ মাতৃ আছিল ৰচিদা বেগম ৷

বিগত ছয় মাহ দিন ধৰি কৰিমগঞ্জৰ জিলা কাৰাগাৰ(district jail Karimganj)ত কাৰাবন্দী হৈ আছিল ৰচিদা ৷ কাৰাবান্দী হৈ থকা অৱস্থাতেই অৰ্থাৎ, বৃহস্পতিবাৰে তেওঁ এটি কন্যা সন্তানৰ জন্ম দিয়ে ৷ জিলা কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি, সন্তানটো জন্ম দিয়াৰ পূৰ্বে মহিলাগৰাকীক কাৰাগাৰৰ ঠিকনা দি জিলাখনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

এতিয়া সম্পূৰ্ণ ভাৰতীয় আইন অনুসৰি ভাৰতত জন্ম হোৱা শিশুটো অনাগত সময়ত ভাৰতীয় নাগৰিক হিচাপে বিবেচিত হ’ব নেকি বুলি বিষয়টোক লৈ সৰৱ চৰ্চা চলিছে জিলাখনত ৷ উল্লেখযোগ্য যে, ভাৰতীয় সংবিধান অনুসৰি 2004 চনৰ 3 ডিচেম্বৰৰ পিছত ভাৰতত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়েই ভাৰতীয় নাগৰিক হিচাপে বিবেচিত হ’ব যদিহে ব্যক্তিগৰাকীৰ পিতৃ মাতৃ ভাৰতীয় নাগৰিক অথবা পিতৃ মাতৃৰ কোনোবা এগৰাকী বৈধ ভাৰতীয় নাগৰিক হয় ৷

লগতে পঢ়ক :চৈইফ-কৰীণাৰ দ্বিতীয় সন্তানৰ নাম ৰাজহুৱা

ABOUT THE AUTHOR

...view details