কৰিমগঞ্জ, 23 জুলাই:অসুৰক্ষিত কৰিমগঞ্জ চহৰ ৷ এই মন্তব্য সাংসদ কৃপানাথ মাল্লাৰ ৷ কিয়নো এতিয়াও সম্পূৰ্ণ উন্মুক্ত হৈ আছে কৰিমগঞ্জ চহৰৰ নিকটৱৰ্তী প্ৰায় 4.35 কিলোমিটাৰ ভাৰত-বাংলা সীমান্ত ৷ সাংসদ গৰাকীৰ মতে, যিকোনো সময়তে সেই সীমান্তৰে প্ৰৱেশ ঘটিব পাৰে অনুপ্ৰবেশকাৰীৰ ৷ কিয়নো সেই স্থানত নাই কোনো কাঁইটীয়া বেৰ কিম্বা দেৱাল ৷ বৃহস্পতিবাৰে সাংসদ কৃপানাথ মাল্লাই সেই স্থান পৰিদৰ্শন কৰি সমগ্ৰ অঞ্চলটো অতি শীঘ্ৰেই বন্ধ কৰিব লাগিব বুলি উল্লেখ কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি সেই স্থানত নাই কোনো সুচল সুৰক্ষা ব্যৱস্থাও ৷ যাৰ বাবে কোনো ধৰণৰ অসুবিধা অবিহনেই অসমৰ ভূমিত প্ৰবেশ কৰিব পাৰিব বাংলাদেশী অনুপ্ৰেশকাৰী ৷
এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত - এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৱৰ্তী এটা অঞ্চল
অসমলৈ ভাবুকি কঢ়িয়াই আনিছে কৰিমগঞ্জত অৱস্থিত ভাৰত-বাংলা সীমান্তৰ এটা উন্মুক্ত অঞ্চলে ৷ সেই অঞ্চল পৰিদৰ্শন কৰি কৰিমগঞ্জ চহৰ সম্প্ৰতি অসুৰক্ষিত অৱস্থাত আছে বুলি মন্তব্য কৰে সাংসদ কৃপানাথ মাল্লাই ৷
উল্লেখ্য যে, সেই অঞ্চলত যদি সীমান্ত সম্বন্ধীয় কোনো সমস্যাৰ উদ্ভৱ হয় তেন্তে সুৰক্ষা বাহিনীৰ জোৱানে সীমান্তৱৰ্তী ভাৰতভূমিত বাস কৰা লোকৰ ঘৰৰ চোতাল অতিক্ৰম কৰিহে পৰিদৰ্শন কৰিব লাগে সীমান্ত ৷ সেই স্থানত বহুদিন পূৰ্বেই বেৰ দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও, সীমান্তৱৰ্তী বিস্তীৰ্ণ এলেকাত গঢ়ি উঠিছে স্থানীয় লোকৰ বেদখল ৷ যাৰ বাবে বিগত প্ৰায় 12 বছৰৰ পৰা সেই স্থানত সম্পূৰ্ণ হৈ নুঠিল কাঁইটীয়া বেৰ স্থাপনৰ কাম ৷ সম্প্ৰতি বেৰ স্থাপনৰ কাম কৰিবলৈ বহু সময়ত বাধা হিচাপে থিয় দি আহিছে সামন্তৱৰ্তী অঞ্চলৰ বাসিন্দা সকল ৷ সেয়েহে অঞ্চলবাসীৰ সেই সমস্যা সমাধানৰ বাবে সাংসদ গৰাকীয়ে এলেকাটো পৰিদৰ্শন কৰি ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ৷ লগতে সেই সমস্যা অতি শীঘ্ৰেই সমাধানৰ বাবে জিলা উপায়ুক্তৰ সৈতে আলোচনাও কৰে ৷
লগতে পঢ়ক:অসমৰ বান সমস্যা নিৰ্মূলৰ বাবে 346 কোটি টকা অনুদানৰ ঘোষণা কেন্দ্ৰৰ