অসম

assam

By

Published : Feb 8, 2020, 1:14 PM IST

ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত কৰ’ণা ভাইৰাছক লৈ ব্যাপক সতৰ্কতা

কৰ’ণা ভাইৰাছক লৈ এতিয়া বিশ্বৰ সৰ্বত্ৰে সৃষ্টি হৈছে আতংকৰ ৷ অসমতো ভাইৰাছবিধক লৈ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ কৰিমগঞ্জৰ সূতাৰকান্দিৰ ভাৰত-বাংলাদেশ স্থলবন্দৰত ইতিমধ্যে কৰ’ণা ভাইৰাছৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ভাৰত-বাংলা সীমান্ত
কৰ’ণা ভাইৰাছক লৈ ব্যাপক সতৰ্কতা

কৰিমগঞ্জ,8 ফেব্ৰুৱাৰীঃ কৰ’ণা ভাইৰাছক লৈ এতিয়া বিশ্বৰ সৰ্বত্ৰে সৃষ্টি হৈছে আতংকৰ ৷ অন্য প্ৰান্তৰ দৰে ভাৰতৰ প্ৰতিটো আন্তৰ্জাতিক বন্দৰ,পাৰঘাটত বিশেষ সতৰ্কতাৰ ব্যৱস্থা কৰা হৈছে । অসমতো ভাইৰাছবিধক লৈ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ ব্যতিক্ৰম নহ’ল কৰিমগঞ্জতো ৷ জিলাখনৰ সূতাৰকান্দিৰ ভাৰত-বাংলাদেশ বন্দৰত ইতিমধ্যে কৰ’ণা ভাইৰাছৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বন্দৰটোত ৰখা হৈছে চিকিৎসকৰ এটি বিশেষ দল। পাছপ’ৰ্ট পৰীক্ষণৰ পূৰ্বে সীমান্তৰে জিলাখনত প্ৰৱেশ কৰা যাত্ৰীসকলৰ শাৰীৰিক অৱস্থা পৰীক্ষা কৰিছে চিকিৎসকে ৷ লগতে যাত্ৰীসকলৰ পৰা ভ্ৰমণ সম্পৰ্কীয় প্ৰাথমিক তথ্য আহৰণ কৰা হৈছে ৷

কৰ’ণা ভাইৰাছক লৈ সৃষ্টি আতংকৰ

কৰিমগঞ্জৰ আন এটা বন্দৰ কালিবাড়ী পাৰঘাটতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বাংলাদেশৰ শেওলাৰ পৰা স্থলপথৰ সীমান্তৰে সূতাৰকান্দি আৰু জকিগঞ্জৰ পৰা নদীপথেৰে কৰিমগঞ্জত প্ৰৱেশ কৰা সকলো যাত্ৰীক পুংখানুপুংখভাৱে সম্প্ৰতি পৰীক্ষা চলাই থকা হৈছে । ইপিনে,বাংলাদেশৰ পৰা অহা এগৰাকী যাত্ৰীয়ে ৰাষ্ট্ৰখনত কৰ’ণা ভাইৰাছ সম্পৰ্কে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে চাওকঃদলবদ্ধ ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী থানা

ABOUT THE AUTHOR

...view details