কৰিমগঞ্জ, 17 ফেব্ৰুৱাৰী: অতি শীঘ্ৰে ভাৰত-বাংলাদেশ সীমান্তত হ'ব বিশেষ বজাৰ । বজাৰখনকলৈ দুয়োখন দেশৰ চৰকাৰৰ মাজত বৃদ্ধি হৈছে তৎপৰতা । ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি দুয়োখন দেশৰ সীমান্তত হ'ব জইন্ট হাট অৰ্থাৎ যৌথ বজাৰ। এফালে থাকিব ভাৰতৰ খাদ্য-সামগ্ৰী আন ফালে থাকিব বাংলাদেশত প্ৰস্তুত হোৱা বিভিন্ন সামগ্ৰী ।
ভাৰতৰ নাগৰিকে গৈ সেই বিশেষ বজাৰৰ পৰা বাংলাদেশৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব লগতে বাংলাদেশৰ গ্ৰাহককো ভাৰতৰ ব্যৱসায়ীয়ে বিক্ৰী কৰিব পাৰিব সামগ্ৰী । সীমান্তৰ বজাৰখনৰ বাবে ইতিমধ্যে যো-জা আৰম্ভ হৈছে । ভাৰত আৰু বাংলাদেশৰ চৰকাৰৰ প্ৰতিনিধিও কেইবালানী বৈঠকত ইতিমধ্যে মিলিত হৈছে । ইয়াৰ মাজতে ইটিভি ভাৰতৰ হাতত পৰিছে এটা বিশেষ ভিডিঅ' । ভিডিঅ'টো বাংলাদেশৰ বিয়ানীবজাৰ এলেকাৰ । য'ত দুয়োখন দেশৰ প্ৰতিনিধিয়ে বজাৰৰ ভূমি নিৰ্ধাৰণৰ বাবে বৈঠকত মিলিত হৈছে ।
ভাৰতৰ হৈ এই বৈঠকত উপস্থিত থাকে কৰিমগঞ্জৰ অতিৰিক্ত জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দেৱসহ কেইবাগৰাকী ব্যক্তি । অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জনোৱা মতে বজাৰখনৰ বাবে কৰিমগঞ্জৰ সীমান্তৰ কুৰিখালা অঞ্চলৰ কিছু ভূমি দিয়া হৈছে। বাংলাদেশৰ ফালৰ পৰাও মুৰিয়া অঞ্চলত মাটি নিৰ্ধাৰণ কৰি দিয়া হৈছে ।