কৰিমগঞ্জ, 17 জুলাই : আজি পুনৰ 95 গৰাকী ভাৰতীয়ক বন্দে ভাৰত মিছনৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ উভতাই অনা হয় | বন্দে ভাৰত মিছনৰ অধীনত উভতি অহা লোকসকল কৰিমগঞ্জ,বৰপেটা,গোৱালপাৰাসহ অসমৰ মুঠ 13 খন জিলাৰ পৰ্যটক আৰু শিক্ষাৰ্থী | উভতি অহা শিক্ষাৰ্থী আৰু পৰ্যটকসকল দুয়ো দেশৰ লক ডাউনৰ বাবে বাংলাদেশত আবদ্ধ হৈ পৰিছিল |
বন্দে ভাৰত মিছনৰ জৰিয়তে উভতিল 95 গৰাকী ভাৰতীয় - বাংলাদেশৰ পৰা ভাৰতলৈ উভতিল 95 গৰাকী ভাৰতীয়
বন্দে ভাৰত মিছনৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ উভতিল 95 গৰাকী ভাৰতীয় ৷ ৰাজ্যৰ 13 খন জিলাৰ পৰ্যটক আৰু শিক্ষাৰ্থীসকলে দীৰ্ঘদিন ধৰি লক ডাউনৰ বাবে বাংলাদেশত আবদ্ধ হৈ আছিল ৷
![বন্দে ভাৰত মিছনৰ জৰিয়তে উভতিল 95 গৰাকী ভাৰতীয় পৰ্যটক আৰু শিক্ষাৰ্থী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8061584-thumbnail-3x2-pa-1.jpg)
বন্দে ভাৰত মিছনৰ জৰিয়তে উভতিল 95 গৰাকী ভাৰতীয়
বন্দে ভাৰত মিছনৰ জৰিয়তে উভতিল 95 গৰাকী ভাৰতীয়
দুয়ো দেশৰ বিদেশ মন্ত্ৰণালয় আৰু গৃহ মন্ত্ৰণালয়ৰ মাজত আলোচনাৰ পিছত কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তইদি তেওঁলোকক ভাৰতত প্ৰৱেশ কৰোৱা হয় | উল্লেখ্য যে,বন্দে ভাৰত আঁচনিৰ অধীনত সুতাৰকান্দি সীমান্তইদি বৰ্তমান পৰ্যন্ত মুঠ 174 গৰাকী ভাৰতীয় দেশলৈ উভতি আহিছে ৷
লগতে পঢ়ক :নগাঁৱত আগষ্টৰ ভিতৰত 2,500 লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা : হিমন্ত বিশ্ব শৰ্মা