অসম

assam

ETV Bharat / state

ৰাতাবাৰীৰ জলসিঞ্চন প্ৰকল্পৰ আধৰুৱা এক আঁচনি - কংগ্ৰেছ নেতা শম্ভূ সিং মাল্লাহ

কৃষকৰ সুবিধাৰ বাবে জনসিঞ্চন বিভাগে গ্ৰহণ কৰে একো একোখন বৃহৎ আঁচনি । কিন্তু বুজন অংশৰ ৰাজহ ব্যয় কৰি ৰূপায়ণ কৰা এই আঁচনি সমূহৰ যোগেদি কিমানদূৰ উপকৃত হৈছে ৰাজ্যৰ কৃষকসকল !

INCOMPLETE IRRIGATION  PROJECT OF RATABARI
ৰাতাবাৰীৰ জলসিঞ্চন প্ৰকল্পৰ আধৰুৱা এক আঁচনি

By

Published : Sep 19, 2020, 12:28 PM IST

Updated : Sep 19, 2020, 5:34 PM IST

কৰিমগঞ্জ, 19 ছেপ্তেম্বৰ: ধোৱা চাঙত এতিয়া ৰাজ্যৰ জনসিঞ্চন বিভাগ ৷ কৃষকৰ সহায়ৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰে প্ৰকল্প নিৰ্মাণ কৰি আহিছে যদিও সেয়া যেন একো একোখন ভেকোঁভাওনাহে ৷ তেনে এক উদাহৰণেই পোহৰলৈ আহিছে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ওয়াঙ্গীৰবন্দ অঞ্চলৰ এটি অৰ্ধনিৰ্মিত জলসিঞ্চন প্ৰকল্পত ৷ প্ৰায় দহ বছৰ পূৰ্বে তাহানিৰ বিজেপি বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা শম্ভূ সিং মাল্লাহ নেতৃত্বাধীন সমষ্টিৰ ওয়াঙ্গীৰবন্দ অঞ্চলটোৰ কৃষকৰ সুবিধাৰ্থে নিৰ্মাণ আৰম্ভ হৈছিল সাত কোটি টকাৰ এক জলসিঞ্চন প্ৰকল্প । কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল জনসিঞ্চন বিভাগৰ এক আঁচনিৰ অন্তৰ্গত প্ৰকল্পটোৰ কাম । অৰ্ধ নিৰ্মিত এই প্ৰকল্প বৰ্তমান সোমাই আছে ঘন জংঘলৰ মাজত ৷ ফলত জলসিঞ্চন বিভাগৰ এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ল অঞ্চলটোৰ কৃষিজীৱী লোকসকল ।

ৰাতাবাৰীৰ জলসিঞ্চন প্ৰকল্পৰ আধৰুৱা এক আঁচনি

এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে অঞ্চলটোৰ কৃষকসকল বহু পৰিমাণে উপকৃত হ’লহেতেন । সেয়েহে ৰাজ্যৰ জনসিঞ্চন বিভাগে এই অৰ্ধনিৰ্মিত প্ৰকল্পটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰি স্থানীয় কৃষক সকলক সহায় কৰিবলৈ আহ্বান জনাইছে সমষ্টি বাসীয়ে ৷

লগতে পঢ়কঃউত্তৰ অভয়াপুৰীত মানাহ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ

Last Updated : Sep 19, 2020, 5:34 PM IST

ABOUT THE AUTHOR

...view details