পাথাৰকান্দি,25এপ্ৰিল: পাঁচ বছৰেও সম্পূৰ্ণ নোহোৱা এখন বিশেষ দলং ৷ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ হাটিখিৰা-ডেংগুৰা অঞ্চলৰ একমাত্ৰ পকী দলঙখন কংগ্ৰেছ চৰকাৰ কাৰ্যকালত সেই সময়ৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ হাতেৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই দলঙখন ৷ যাৰ ফলত দৈনিক অঞ্চলটোৰ ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৰোগীয়েও জীয়াতু ভুগিবলগীয়া হৈছে ৷ ইপিনে ৰাইজে দলঙৰ পৰিবৰ্তে নৌকা-বিহাৰ কৰিয়ে যাতায়ত কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে দলং নিৰ্মানৰ বাবে গড়কাপ্তানি বিভাগৰ পৰা 4,91,08,938 টকা আৱন্তন দিয়া হৈছিল যদিও এই পৰ্যন্ত নিৰ্মানৰ সম্পূৰ্ণ নোহোৱাৰ লগতে চৰকাৰ নীৰৱ ভূমিকাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷
পাথাৰকান্দিত পাঁচ বছৰটো সম্পূৰ্ণ নহ'ল দলং, ৰাইজৰ ক্ষোভ
পাঁচ বছৰতো সম্পূৰ্ণ নহ'ল হাটিখিৰা-ডেংগুৰা অঞ্চলৰ এখন দলং ৷ চৰকাৰৰ নীৰৱ ভূমিকাক লৈ ক্ষোভিত ৰাইজ ৷
পাথাৰকান্দিত পাঁচ বছৰটো সম্পূৰ্ণ নহ'ল দলং, ৰাইজৰ ক্ষোভ