কৰিমগঞ্জ,2অক্টোবৰ: কৰিমগঞ্জত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে বহু বিত্তবান লোকে লাভ কৰিছে ঘৰ । জিলাখনৰ একাংশ প্ৰভাৱশালী লোকৰ দ্বাৰা এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ দৰিদ্ৰ পৰিয়ালৰ লোকক প্ৰদান কৰি অহা হৈছে আৱাস যোজনাৰ গৃহ ৷ সেই অনুসৰি কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বান্দৰকোনাৰ দৰিদ্ৰ লোকসকলৰ মাজতো প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ৷ কিন্তু অঞ্চলটোত প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে বহু বিত্তবান লোকে লাভ কৰে আঁচনিৰ অধীনত আৱন্টিত হোৱা গৃহ ৷ অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালে গৃহ লাভ কৰাৰ বিপৰীতে বৰ্তমানেও ভঙা জুপুৰীত বাস কৰি আছে ৷ এই দৰিদ্ৰ পৰিয়ালসমূহৰ নাম কৰ্তন কৰি একাংশ প্ৰভাৱশালী লোকে বিত্তবান লোকৰ পৰা ধন লৈ এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷