অসম

assam

ETV Bharat / state

ক'ভিড প্ৰট'কলৰ মাজেৰে কৰিমগঞ্জত দেৱী বিসৰ্জন

ক'ভিড প্ৰট'কল মানি চলি কৰিমগঞ্জত দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷ ক'ভিড প্ৰট'কল মানি চলি কৰিমগঞ্জৰ পূজা কমিটি সমূহে সম্পন্ন কৰিলে দেৱী বিসৰ্জন ৷

By

Published : Oct 26, 2020, 3:56 PM IST

ক'ভিড-19 প্ৰট'কলৰ মাজেৰে কৰিমগঞ্জত দেৱী বিসৰ্জন
ক'ভিড-19 প্ৰট'কলৰ মাজেৰে কৰিমগঞ্জত দেৱী বিসৰ্জন

কৰিমগঞ্জ, 26 অক্টোবৰ: ক'ভিড-19 প্ৰট'কল মানি চলি কৰিমগঞ্জত দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷ শতাধিক ভক্তই দেৱী বিসৰ্জন কাৰ্যসূচীত অংশ লৈ আজি অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিসৰ্জন দিয়ে ৷ প্ৰতিখন পূজা কমিটিয়েই চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি ক'ভিড-19 প্ৰট'কল মানি চলি দেৱীক বিসৰ্জন দিয়া দেখা গ'ল ৷

ক'ভিড-19 প্ৰট'কলৰ মাজেৰে কৰিমগঞ্জত দেৱী বিসৰ্জন

উল্লেখ্য যে এইবাৰ কৰিমগঞ্জত মুঠ 150 খন পূজা অনুষ্ঠিত হৈছিল ৷ সোমবাৰে জিলাখনৰ ভিন্ন প্ৰান্তত পূজা কমিটি সমূহৰ লগতে ভক্ত সকলো বিসৰ্জন কাৰ্যসূচীত অংশ ল'বলৈ ওলাই অহা পৰিলক্ষিত হ'ল ৷ ইয়াৰ সমান্তৰালকৈ আৰক্ষীৰ লগতে এচডিআৰএফ বাহিনীকো আজিৰ দিনটোত এক সষ্টম ভূমিকা পালন কৰা দেখা গ'ল ৷

লগতে পঢ়ক:দেৱী বিসৰ্জনৰ বাবে সাজু নগাঁৱৰ বাঙালী পূজা সমিতি

ABOUT THE AUTHOR

...view details