অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অবৈধ শিলৰ ছিণ্ডিকেট - forest dept.

চালানবিহীনভাৱে শিল কঢ়িওৱা একাংশ ট্ৰাকচালকসকলৰ মতে আৰক্ষী আৰু বনবিভাগৰ লোকে 100 ৰ পৰা 500 টকা লৈকে ধন সংগ্ৰহ কৰাৰ লগতে শিলৰ মহালদাৰ তাজ নামৰ লোকজনৰ নাম ক'লেই চালানবিহীনভাৱে এৰি দিয়ে অবৈধ শিল কঢ়িওৱা ট্ৰাকসমূহ ৷

কৰিমগঞ্জত অবৈধ শিলৰ ছিণ্ডিকেট

By

Published : Apr 28, 2019, 3:01 PM IST

Updated : Apr 28, 2019, 3:30 PM IST

কৰিমগঞ্জ,28এপ্ৰিল: ৰাজ্যত সক্ৰিয় হৈ আছে এটাৰ পাচত এটাকৈ বিভিন্ন ছিণ্ডিকেট । এইবাৰ কৰিমগঞ্জত পোহৰলৈ আহিছে অবৈধ শিল চিণ্ডিকেটৰ ঘটনা ৷ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেদি শতাধিক অবৈধ শিলভৰ্তি ট্ৰাক দৈনিক মুক্তভাৱে আহ-যাহ কৰি আছে ৷

কৰিমগঞ্জত অবৈধ শিলৰ ছিণ্ডিকেট

ইপিনে অবৈধভাৱে বহিঃৰাজ্যলৈ ৰপ্তানি হৈ থকা শিলৰ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো কাণসাৰ নাই বন বিভাগ তথা আৰক্ষীৰ ৷ চালানবিহীনভাৱে শিল কঢ়িওৱা একাংশ ট্ৰাকচালকসকলৰ মতে আৰক্ষী আৰু বনবিভাগৰ লোকে 100 ৰ পৰা 500 টকা লৈকে ধন সংগ্ৰহ কৰাৰ লগতে শিলৰ মহালদাৰ তাজ নামৰ লোকজনৰ নাম ক'লেই চালানবিহীনভাৱে এৰি দিয়ে অবৈধ শিল কঢ়িওৱা ট্ৰাকসমূহ ৷

Last Updated : Apr 28, 2019, 3:30 PM IST

ABOUT THE AUTHOR

...view details