অসম

assam

ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

বুধবাৰে কৰিমগঞ্জত বৃহৎ মূল্যৰ ড্ৰাগছ জব্দ কৰা হয় ৷ সীমান্ত আৰক্ষী আৰু অসম আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় ড্ৰাগছখিনি ৷ ঘটনাৰ লগত জড়িত আমিৰ হুছেইন নামৰ এগৰাকী লোকক আটক কৰিবলৈ সক্ষম ৷

ILLIGAL DRUGS RECOVERD IN ASSAM KARIMGANJ
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

By

Published : Jul 29, 2020, 7:13 PM IST

কৰিমগঞ্জ, 29 জুলাই : ৰাজ্যক ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বুধবাৰে কৰিমগঞ্জত বৃহৎ মূল্যৰ ড্ৰাগছ জব্দ কৰা হয় ৷ সীমান্ত আৰক্ষী আৰু অসম আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় ড্ৰাগছখিনি ৷

ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

এক গোপন সূত্ৰৰ পম খেদি ভাৰত-বাংলাদেশ সংযোগী 151নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰা হয় প্ৰায় 50 লাখ টকাৰ ড্ৰাগছখিনি ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পনেৰোঘৰ বাজাৰ পৰা ML-04B-3893 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰা হয় সামগ্ৰীখিনি ৷ লগতে,উক্ত ঘটনাৰ লগত জড়িত আমিৰ হুছেইন নামৰ এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে বাহনখনত থকা আন 2 জন সদস্য পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ৷

ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

লগতে পঢ়ক : কাছাৰত উদ্ধাৰ বৃহৎ সংখ্যক বিদেশী বন্য প্ৰাণী

For All Latest Updates

ABOUT THE AUTHOR

...view details