অসম

assam

ETV Bharat / state

কৰিমগঞ্জত অবৈধ বালি খনন চক্ৰৰ দৌৰাত্ম - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

বনমন্ত্ৰীৰ ঘনিষ্ঠই কৰিমগঞ্জত চলাইছে বালি মাফিয়াৰাজ ৷ নিৰ্লিপ্ত ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ ৷

Illegal sand mafia in Karimganj
কৰিমগঞ্জত অবৈধ বালি খনন চক্ৰৰ দৌৰাত্ম

By

Published : Jan 12, 2020, 1:48 PM IST

কৰিমগঞ্জ, 12 জানুৱাৰীঃ কৰিমগঞ্জত বালি মাফিয়াৰ দৌৰাত্ম ৷ সকলো দেখি-শুনিও নিৰ্বিকাৰ জলসম্পদ বিভাগ ৷ কৰিমগঞ্জত এচাম অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে বালিৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত এচাম বালি মাফিয়াই গোপনে বালিৰ অবৈধ বেহা চলাই থকাৰ বিষয় পোহৰলৈ আহিছে ৷ কৰিমগঞ্জৰ নিলাম বজাৰৰ কউটুকত জলসম্পদ বিভাগে নিৰ্মাণ কৰা লংগাই নৈৰ স্থায়ী মথাউৰি কাটি বালি খনন চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে স্থানীয় ৰাইজে বন বিভাগ, জলসম্পদ বিভাগ, নিলামবজাৰৰ চক্ৰ বিষয়া, আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সম্পৰ্কে অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল বিভাগীয় কৰ্তৃপক্ষসমুহৰ দ্বাৰা ।

কৰিমগঞ্জত অবৈধ বালি খনন চক্ৰৰ দৌৰাত্ম

উল্লেখ্য যে, কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই স্থায়ী মথাউৰি খনাৰ ফলত ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ বিস্তৃত কৃষিভূমি বানপানীত ডুব যোৱাৰ ফলত স্থানীয় লোকসকল যথেষ্ট অসুবিধাৰ সন্মূখীন হ’ব লগা হৈছে ৷ আনহাতে এচাম অসাধু বালি মাফিয়া বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘনিষ্ঠ হোৱা বাবেই তেওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

আৰু পঢ়কঃৰক্ষকে যেতিয়া ৰূপ লয় ভক্ষকৰ !

ABOUT THE AUTHOR

...view details