ভাৰত বাংলা সীমান্তত উত্তেজনা কৰিমগঞ্জ, 12 আগষ্ট : আকৌ সীমান্তত উত্তেজনা ৷ এইবাৰৰ স্থান কৰিমগঞ্জ চহৰৰ মাজ মজিয়াত থকা ভাৰত বাংলা সীমান্ত ৷ শুকুৰবাৰে ভাৰত বাংলাদেশৰ সীমান্ত বুলি নিৰ্ধাৰণ কৰা কুশিয়াৰা নৈ সাঁতুৰি অসমৰ পৰা বাংলাদেশলৈ গ’ল এজন লোক ৷
শুকুৰবাৰে দিনৰ ভাগতে কুশিয়াৰা নৈ সাঁতুৰি অসমৰ পৰা বাংলাদেশলৈ যোৱা যুৱকজনক প্ৰত্যক্ষ কৰে কুশিয়াৰা নৈৰ পাৰত থকা বহু লোকে ৷ ইতিমধ্যে ভাইৰেল হৈ পৰিছে কুশিয়াৰা নৈত সাঁতুৰি পাৰ হোৱা এই অচিনাক্ত ব্যক্তিজনৰ ভিডিঅ’ ৷ জানিব পৰা মতে, কুশিয়াৰা নৈত সাঁতুৰি বাংলাদেশ পোৱা লোকজনে নৈৰ পাৰতে এৰি থৈ গৈছে এটা বেগ ।
ইতিমধ্যে অসম আৰক্ষীয়ে বেগটো জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, কুশিয়াৰা নৈত সাঁতুৰি বাংলাদেশ পোৱা লোকজনক বাংলাদেশৰ সীমান্ত বাহিনীয়ে আটক কৰিছে ৷ এই ব্যক্তিজন সন্দৰ্ভত বিএচএফে বাহিনী আৰু বাংলাদেশৰ সীমান্ত বাহিনীৰ মাজত আলোচনা অব্যাহত ৰাখিছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি ভাৰত-বাংলা সীমান্তত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
আনহাতে, প্ৰায় 2 মাহ পূৰ্বে কৰিমগঞ্জৰ অসম-বাংলাদেশ সীমান্তইদি বাইকেৰে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ৷ সীমান্ত সুৰক্ষা বাহিনীৰ তীক্ষ্ণ দৃষ্টিৰ মাজতেই মটৰ চাইকেল লৈ অসমত অবৈধভাৱে প্ৰৱেশ কৰিছিল বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে অসম-বাংলা সীমান্তত এক চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল ৷
কিন্তু পৰিতাপৰ কথা যে বিএছএফৰ চকুত ধূলি দি অসমত প্ৰৱেশ কৰাৰ পাচতেই বাইক এৰি নিৰুদ্দেশ হৈ পৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীটো ৷ তাৰ পাচতেই অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰুদিষ্ট অনুপ্ৰৱেশকাৰীৰ সন্ধানত স্নিফাৰ ডগেৰে চলায় অভিযান ৷
কিন্তু দুৰ্ভাগ্যজনকভাৱে তন্ন তন্নকৈ তালাচী চলোৱাৰ পাচতো সন্ধান লাভ নকৰিলে অসমত অবৈধভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীৰ ৷ এই ঘটনাৰ পিচতেই ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক :Illegal Bangladeshi Infiltrator: সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি অসমত প্ৰৱেশ বাংলাদেশীৰ; কৰিমগঞ্জত উদ্ধাৰ বাংলাদেশৰ মটৰ চাইকেল