অসম

assam

ETV Bharat / state

সংকটৰ সময়তো কৰিমগঞ্জত অব্যাহত কয়লা চিণ্ডিকেট - কৰিমগঞ্জত অব্যাহত কয়লা চিণ্ডিকেট

আৰক্ষীয়ে টকাৰ লোভত কয়লা কঢ়িওৱা ট্ৰাকসমূহ এৰি দিয়া বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ পাছতে নিলামবজাৰৰ চক্ৰ বিষয়া ওয়াহিদুজ জামানে আটক কৰে বহিৰাজ্যৰ পৰা অহা এখন কয়লা ভৰ্তি ট্ৰাক ।

কয়লা চিণ্ডিকেট
কয়লা চিণ্ডিকেট

By

Published : Mar 29, 2020, 8:09 PM IST

কৰিমগঞ্জ, 29 মাৰ্চঃ দেশজুৰি চলি থকা লকডাউনৰ সুযোগ লৈ ৰাজ্যত এতিয়া সক্ৰিয়া হৈছে কয়লা চিণ্ডিকেট ৷ আন্তঃৰাজ্যিক সীমান্ত ছিল থকা সময়ত বহিঃৰাজ্যৰ পৰা ৰাজ্যত কয়লা সৰবৰাহ অব্যাহত আছে। তথ্য অনুসৰি প্ৰতিদিনে কৰিমগঞ্জ জিলাত প্ৰৱেশ কৰে কমেও চাৰিখনকৈ কয়লাভৰ্তি ট্ৰাক। একমাত্ৰ আৰক্ষীৰ সহযোগ থকাৰ বাবে কয়লাৰ এই অবৈধ সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আৰক্ষীয়ে টকাৰ লোভত কয়লা কঢ়িওৱা ট্ৰাকসমূহ এৰি দিয়া বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাৰ পাছতে নিলামবজাৰৰ চক্ৰ বিষয়া ওয়াহিদুজ জামানে আটক কৰে বহিৰাজ্যৰ পৰা অহা এখন কয়লা ভৰ্তি ট্ৰাক । জব্দকৃত ট্ৰাকৰ নম্বৰ হৈছে RJ 07 G 7855 ৷

কয়লা চিণ্ডিকেট

উল্লেখ্য যে, কিছুদিন পূৰ্বে শিলচৰত উপস্থিত হৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যাবশ্যকীয় সামগ্ৰীৰ বাহিৰে আন কোনো বাহনে সীমান্ত অতিক্ৰম কৰিলে ভিডিও বনাই মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰাৰ আদেশ প্ৰদান কৰিছিল যদিও কেৱল টকাৰ বাবে বৰ্তমানে কৰিমগঞ্জৰ নিলামবজাৰক কৰিডৰ বনাই একাংশই প্ৰতিদিনে অব্যাহত ৰাখিছে কয়লাৰ ক'লা সাম্ৰাজ্য ।

কয়লা চিণ্ডিকেট

ABOUT THE AUTHOR

...view details